NORTHEAST NOW (Assamese)

অসমৰ নতুন মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাসে

February 22, 2018 8:06 pm · এন ই নাও নিউজ
টি ওৱাই দাস : ফাইল ফটো

অসমৰ অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাস ৰাজ্যখনৰ নতুন মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

দাসে বৰ্তমানৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগেই মাৰ্চৰ পৰা ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। সূত্ৰসমূহে নৰ্থ ইষ্ট নাও ৰ আগত এই কথা প্ৰকাশ কৰিছে।

১৯৮২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী বিষয়া দাসে বৰ্তমান অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

২০১২ চনৰ নৱেম্বৰত দাসক কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক তেতিয়া অতিৰিক্ত সচিবৰ মৰ্যাদা আৰু দৰমহাৰ পদ মৰ্যাদাৰে নিযুক্ত দিয়া হৈছিল।

ভি কে পিপাৰনেচিয়াই ২০১৫ চনৰ ৩১ মে’ত অসমৰ মুখ্য সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ভি কে পিপাৰনেচিয়াৰ মুখ্য সচিব হিচাপে ২০১৭ৰ ছেপ্টেম্বৰত কাৰ্যকাল অন্ত পৰাৰ পিছত অসম চৰকাৰে ছয়মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিছিল। তেওঁৰ বৰ্দ্ধিত কাৰ্যকালো এই মাহতে অন্ত পৰিব।

 

Related News