অসমৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুন সংযোজন; গুপ্তকাশী বিশ্বনাথ ঘাটৰ পৰা চলিব ‘হংস বাহন’

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুন সংযোজনৰ প্ৰস্তুতি চলিছে পৰ্যটক নগৰী বিশ্বনাথ ঘাটত। বিশাল ব্ৰহ্মপুত্ৰ নদীক লৈ এইবাৰ আৰম্ভ হৈছে নদী পৰ্যটনৰ এক নতুন অধ্যায়।
উল্লেখযোগ্য যে গুপ্তকাশী বিশ্বনাথ ঘাটৰ পৰা শিলঘাটৰ কামাখ্যা মন্দিৰ দৰ্শন, কাজিৰঙা দৰ্শন, নদী দ্বীপ মাজুলিলৈ পৰিভ্ৰমণ কৰিব পৰাকৈ পৰ্যটকৰ বাবে সাজি উলিয়াইছে এক বৃহৎ নৌকা যান হংস বাহন । এই হংস বাহন নামৰ বৃহৎ ৰিভাৰ ক্ৰুজৰ যাত্ৰা আৰম্ভ হ’ব অহা জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা।
প্ৰাপ্ত তথ্য মতে সুদূৰ কেৰেলাৰ নদীৰ পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী তথা গ্ৰীণ আছিয়ানাৰ স্বত্বাধিকাৰী কিশোৰ হাজৰিকা আৰু তেওঁৰ পৰিয়ালে নিৰ্মাণ কৰি উলিওৱা এই বৃহৎ নৌকাযান খনত ৭ টাকৈ অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰীত কোঠা য’ত আছে ডাৱল বেড, অত্যাধুনিক শৌচাগাৰ, গীজাৰ আদিৰ সুবিধা উপলব্ধ। লগতে ৬২x৩২ বৰ্গফুটৰ যান খনৰ ভিতৰত ৩১x৪৯ বৰ্গ ফুটৰ আছে এখন ওপঙা ৰেষ্টুৰেণ্ট আৰু এটা সভা কক্ষ।
তাৰোপৰি দুখলপীয়া যানখনৰ কোঠা সমূহত সংলগ্ন শৌচাগাৰ সমূহৰ মলমূত্ৰ সমূহ আধুনিক ভেকুৱাম পদ্ধতিৰে নিষ্কাশনৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব দিছে কিশোৰ হাজৰিকাই। অত্যাধুনিক পদ্ধতিৰে উত্তৰ বংগৰ কাৰিকৰে নিৰ্মাণ কৰা এই বৃহৎ নৌকা যানখনৰ ব্যয় ৫০ লাখ টকাৰো অধিক। দুটা ইঞ্জিনৰ সহায়ত ৩ জন অভিজ্ঞ চালকে চলাব এই বিশেষ নাওখন ।
ব্ৰহ্মপুত্ৰৰ বুকুত নৈশ যাপন সান্ধ্য ভ্ৰমণ আৰু বিভিন্ন সুস্বাদ্য ব্যঞ্জনেৰে এসাজ খোৱাৰ সুবিধা থকা এই হংস বাহন যান খনে অসমৰ পৰ্যটনৰ মান চিত্ৰত এক নতুন সংযোজন ঘটাব বুলি আশাবাদী কিশোৰ হাজৰিকা।