অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ বিধান সভা দৰ্শন; মুখ্য মন্ত্ৰীৰে মত বিনিময়

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বেলশৰৰ চহিদ স্মৃতি কলেজ আৰু নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকক ‘স্বচ্ছ ভাৰত’ গঢ়াত সহায় কৰিবলৈ আহ্বান জনায়।

অসম বিধান সভাৰ মুখ্য প্ৰেক্ষাগৃ্হত মুখ্য মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।

শিক্ষানুষ্ঠানৰ চৌপাশৰ লগতে সমাজতো এক পৰিস্কাৰ পৰিৱেশ বিকাশ কৰাৰ বাবে কাম কৰি যাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

এখন সংস্কাৰভৰা আৰু পৰিৱৰ্তিত সমাজৰ বাবে দুৰ্নীতি আৰু প্ৰদূষণমুক্ত এক পৰিস্কাৰ সমাজৰ গুৰুত্বত মুখ্য মন্ত্ৰীয়ে জোৰ দিয়ে।

‘ৰাইজ জড়িত হোৱা আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটোতে আছে গণতন্ত্ৰৰ সৌন্দৰ্য্য।’

বিধানসভাত হোৱা অভিজ্ঞতাও ছাত্ৰ-ছাত্ৰীসকলে বিনিময় কৰে।

ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক সদনৰ কাৰ্য্যাৱলী স্বচক্ষে চোৱাৰ বাবে আৰু মুখ্য মন্ত্ৰীৰ সৈতে কথা পতাৰ এক সুযোগ দি অসম বিধানসভাই  এক প্ৰচেষ্টা হাতত লৈছে।