চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ প্ৰতিবাদ

Trade Union Protest

নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ বিজেপি চৰকাৰে দুই কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়া হ’ব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতিক শাসনত অহাৰ পিছত ধোঁৱা চাঙত পৰিণত কৰে বুলি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ কৰে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীসমূহৰ যৌথ মঞ্চই।

চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীসমূহৰ যৌথ মঞ্চই আজি দিচপুৰ লাষ্টগেটত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্য্যসূচীত উক্ত মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলৰ মতে, ‘পৰিবৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে। তদুপৰি বিজেপি শাসনাধীন ৰাজ্য চৰকাৰখনে পুঁজিপতিসকলৰ হাতত দেশৰ সম্পদ সমূহ গতাই দিব বিচৰাৰ ফলস্বৰূপে ৰাজ্যৰ নিবনুৱা যুবক-যুবতীসকল চৰম বিপদৰ সন্মুখীন হৈছে’।

আজিৰ ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি শাসনাধীন চৰকাৰে চাহ শ্ৰমিকসকলক লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলি কয় যে কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকসকলৰ নূন্যতম মজুৰিৰ বিষয়টো সমাধানত ব্যৰ্থ হোৱাৰ লগতে শ্ৰমিক সুৰক্ষা আইন সংশোধন ২০০৮ সংশোধন কৰি ‘অসম লেবাৰ ৱেলফেয়াৰ চ’চাইটি’ গঠন কৰি শ্ৰম বিভাগটোক গুৰুত্বহীন কৰিব বিচাৰিছে।

প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশ লোৱা চি আই টি ইউৰ উপ-সভাপতি তথা বাওঁ গণতান্ত্ৰিক মঞ্চৰ আহ্বায়ক দেবেন ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওক কয়, ‘আজি সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ ব্যক্তিগতকৰণ কৰিব খোজাৰ বিৰুদ্ধে বিক্ষোভ সংঘটিত হৈছে। চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত দেশৰ জনসাধাৰণলৈ বিৰূপ প্ৰভাব নামি আহিছে। সেয়েহে আমি চৰকাৰক এই নীতি পৰিহাৰ কৰিবৰ বাবে দাবী জনাইছো।’

শ্ৰমিক শ্ৰেণীয়ে যাতে ইউনিয়ন গঠন কৰি একত্ৰিত হ’ব নোৱাৰে তাৰ উদ্দেশ্যে বিজেপি চৰকাৰে নীতি প্ৰস্তুত কৰাৰ ষডযন্ত্ৰত নামি পৰিছে বুলি তেওঁ চৰকাৰৰ বিৰুদ্বে ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক বিৰোধী নীতিসমূহ বন্ধ কৰিবৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে।

আনহাতে চৰকাৰৰ অবহেলাৰ বাবে জাগীৰোড কাগজকলৰ অৱস্থা শোচনীয় হৈ পৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘চৰকাৰে পূৰ্বৰে পৰা এই কাগজকলৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰাহেঁতেন কাগজকলটোৰ এনে অবস্থা নহ’লহেঁতেন।’

প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰীলৈ অসম লেবাৰ ৱেলফেয়াৰ চ’চাইটি বাতিল কৰা, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা নূন্যতম ৩৫০ টকা ধাৰ্য্য কৰা, অন্য শ্ৰমিকসকলৰ নূন্যতম মাহিলী মজুৰি ৬০০০ টকা ধাৰ্য্য কৰা, শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰা আৰু অসমৰ ৰাজহুৱা খণ্ডৰ অন্তৰ্গত তেল শিল্প আৰু কাগজ কলক ৰক্ষা কৰা ইত্যাদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত এইছ এম এছ, চি আই টি ইউ, আই এন টি ইউ চি, এ আই টি ইউ চি, এ আই চিচি টি ইউ আৰু এ আই ইউ টি ইউ চি য়ে অংশগ্ৰহণ কৰে।