এই বছৰ সাহিত্য অকাডেমী যুৱ আৰু শিশু সাহিত্য বঁটাসমূহ ঘোষণা কৰা হৈছে। সেই অনুসৰি অসমৰ তিনিগৰাকী যুৱ সাহিত্যিকে এই বঁটা লাভ কৰিছে।
অকাডেমীয়ে ঘোষণা কৰা বঁটা লাভ কৰা অসমীয়া তিনিজন হৈছে যুগল লোচন দাস, সীতাৰাম বসুমতাৰী আৰু বিপাশা বৰা। যুগল লোচন দাসে তেওঁৰ ‘সোণোৱালী বাগিছাৰ ভূত’ শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰে।
একেদৰে ‘গথো গোথাইনি ছলো ভাটা’ শীৰ্ষক চুটি গল্প সংকলনৰ বাবে সীতাৰাম বসুমতাৰীক বড়ো ভাষাৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে।
শিশু সাহিত্য বঁটাৰ বাবে অকাডেমীৰ অসমীয়া ভাষাৰ জুৰি সদস্যসকল আছিল অনুভৱ তুলসী, ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী আৰু উৎপল দত্ত। একেদৰে বড়ো ভাষাৰ জুৰি সদস্য আছিল গোবিন্দ নাৰ্জাৰী, ৰিতুৰাজ বসুমতাৰী আৰু উথ্ৰীচৰ খুংগুৰ বসুমতাৰী।
আনহাতে সাহিত্য অকাডেমী যুৱ বঁটা অসমীয়া ভাষাৰ বাবে ‘মৌমাখিৰ সাম্ৰাজ্য’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে বিপাশা বৰাক এই বঁটাৰ বাবে মনোনীত কৰা হয়।
অসমীয়া ভাষাৰ যুৱ বঁটাৰ বাবে জুৰিৰ সদস্যসকল আছিল অনুৰাধা শৰ্মা পূজাৰী, ৰবেন্দ্ৰ কুমাৰ দাস আৰু ড০ উপেন ৰাভা হাকাছাম।
এইবাৰ ইংৰাজী সাহিত্যৰ বাবে অকাডেমীৰ কোনো এগৰাকী যোগ্য যুৱ সাহিত্যিক বিচাৰি নোপোৱাৰ বাবে অকাডেমীয়ে এই বঁটাৰ বাবে কোনো যুৱ সাহিত্যিকৰ গ্ৰন্থ বিবেচিত কৰা নাই বুলি প্ৰকাশ কৰিছে।
আনহাতে, বড়ো সাহিত্যৰ যুৱ সাহিত্যিকৰ বঁটা অকাডেমীয়ে ঘোষণা কৰাৰ পৰা বিৰত আছে। এইক্ষেত্ৰত বড়ো ভাষাৰ যুৱ বঁটা অকাডেমীয়ে পৰৱৰ্তী সময়তহে প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে।