‘অসমৰ সৈতে থকা সীমা সমস্যা সমাধান নকৰাকৈ নাগালেণ্ডৰ কোনো ৰাজনৈতিক মীমাংস কৰা উচিত নহয়’

nagaland-gate

অসমৰ সৈতে থকা সীমা সমস্যা সমাধান নকৰাকৈ নাগালেণ্ডৰ কোনো ৰাজনৈতিক চূড়ান্ত মীমাংস কৰা উচিত নহয়। এই মন্তব্য কৰিছে সীমান্ত অঞ্চল বিষয়ত গঠিত সংগঠন য়ুনাইটেড নাগা ট্ৰাইবছ এছ’চিয়েশ্যন অন ব’ৰ্ডাৰ এৰিয়াজ (UNTABA)ই। সংগঠনটোৱে এটা বিবৃতিত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি কয় যে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু নাগা ‘দেশ’ৰ মাজত থকা ভূমি বিবাদক নিষ্পত্তি নকৰাকৈ নাগা চুক্তিত উপনীত হ’লে এখন নতুন ‘মধ্য প্ৰাচ্য’ সৃষ্টি হোৱাৰ শংকা আছে।

সংগঠনটোৱে কয় যে নাগাসকলৰ ভূমি আৰু বৰ্তমান ৰাজনৈতিক সীমাক ঐতিহাসিক পৃষ্ঠভূমিৰ আধাৰত নিৰ্ধাৰণ নকৰাকৈ শান্তি আলোচনাৰ যিকোনো খৰখেদা সিদ্ধান্ত এৰাই চলা উচিত।

সংগঠনটোৱে আৰু লগতে কয় যে নাগা ৰাজনৈতিক সংকটটোৰ আঁৰৰ কথাটো আছিল, “নাগা মানুহৰ ইয়াৰ মাটিৰ ওপৰত থকা অবিচ্ছেদ্য অধিকাৰ”, যিবোৰ ভাৰত চৰকাৰৰ দ্বাৰা অসমক দখল কৰিবলৈ এৰি দিয়া হৈছিল, নাগা লোকৰ সৈতে ১৯৪৭ চনৰ জুনত হোৱা প্ৰাক স্বাধীন ভাৰতৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ ৰাজনৈতিক চুক্তি (9 Points Agreement/Hydari Ali Agreement) থকা সত্ত্বেও। এই চুক্তিৰ উপৰি স্বাধীন ভাৰতৰ সৈতেও ১৯৬০ চনত ১০ পইণ্টৰ চুক্তিও আছে।

সংগঠনটোৰ মতে, চুক্তিকেইখনত নাগা লোকৰ পৰম্পৰাগত আৰু পৈতৃক মাটি অসমৰ অবৈধ দখলৰ পৰা পুনৰ ঘূৰাই লোৱাৰ কথা লিখা আছে। “এইটোৱে হ’ল নাগা ৰাজনৈতিক সংগ্ৰামৰ মূল প্ৰশ্ন। ইয়াৰ বাদে একো নাই।” এইদৰে কোৱা হয় টোকাটোত।