NORTHEAST NOW (Assamese)

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম যোগ প্ৰকল্প আঁচনিৰ অধীনত ১০০ টা যোগ কেন্দ্ৰ স্থাপন কৰিব

December 20, 2017 1:50 pm · এন ই নাও নিউজ

ৰাজ্যখনত পোন প্ৰথমবাৰৰ বাবে অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম যোগ প্ৰকল্প আঁচনিৰ অধীনত ১০০ টা  উন্নয়ন খণ্ডত ১০০ টা যোগ কেন্দ্ৰ স্থাপন কৰিব। অসমৰ ৩৩ খন জিলাতে এই যোগ কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব।

মঙলবাৰে গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই আঁচনি মুকলি অনুষ্ঠানত আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উদ্বোধনী ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম যোগ প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত ১০০ টা প্ৰকল্প স্থাপন কৰা হ’ব। এই আঁচনিৰ উদ্দেশ্য হৈছে সৰ্বসাধাৰণক সু-স্বাস্থ্যৰ বাবে যোগৰ অনুশীলনৰ সুযোগ দিয়া আৰু এটা সুস্থ জীৱন যাপনৰ বাবে যোগক আকোৱালি লোৱাৰ ব্যৱস্থা কৰা।

এই কেন্দ্ৰসমূহৰ প্ৰতিটো দু’গৰাকী যোগমিত্ৰই পৰিচালনা কৰিব আৰু এগৰাকী যোগ প্ৰশিক্ষক থাকিব যাক ৰাজ্য চৰকাৰে দৰমহা দিব। প্ৰথম অৱস্থাত এই যোগ কেন্দ্ৰসমূহত প্ৰতিদিনে তিনিবাৰকৈ প্ৰশিক্ষণ শ্ৰেণী অনুষ্ঠিত হ’ব।

পৰৱৰ্তী সময়ত খেলুৱৈ, গৰ্ভৱতী মহিলাৰ দৰে সকলো শ্ৰেণীৰ লোকক সামৰি অধিক প্ৰশিক্ষণ শ্ৰেণীৰ ব্যৱস্থা কৰা হ’ব।

ৰাজ্য চৰকাৰে এই ১০০ টা কেন্দ্ৰ স্থাপনৰ বাবে প্ৰতিটোৰ বাবাদ ৫ লাখকৈ টকা আগবঢ়াইছে। এই কেন্দ্ৰসমূহ পৰৱৰ্তী সময়ত যোগ নিৰাময় কেন্দ্ৰলৈ উন্নীত কৰা হ’ব আৰু সেইবোৰ প্ৰায় ১৪ টা বেচৰকাৰী সংস্থাৰ সহযোগত স্থাপন কৰা হ’ব।

Related News