NORTHEAST NOW (Assamese)

অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে মেঘালয়ত অবৈধ নাগৰিকৰ প্ৰব্ৰজন ঘটোৱাৰ শংকা খাচি ছাত্ৰ সন্থাৰ

July 24, 2018 9:02 pm ·
Updated: July 24, 2018 10:22 pm
প্ৰতিনিধিত্বমূলক ফটো

খাছী ছাত্ৰ সন্থাই সতৰ্ক কৰি দিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশিত হোৱাৰ পাছত মেঘালয়লৈ অবৈধ নাগৰিকৰ সোঁত ব’বলৈ আৰম্ভ কৰিব। ছাত্ৰ সংগঠনটোৱে জনসাধাৰণ আৰু দোৰবাৰ শ্নোংসমূহলৈ (স্বায়ত্ব শাসন গোট) আহ্বান জনাইছে যাতে চুবুৰীয়া ৰাজ্য অসমৰ পৰা মেঘালয়লৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ সতৰ্ক থাকে।

খাছী ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত ছাত্ৰ সংগঠনটোৰ সম্পাদক ডনাল্ড ভি থাবাহে কৈছে যে জুলাইৰ ৩০ তাৰিখে অসমে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰিব।

খাছী ছাত্ৰ সন্থাই কৈছে ‘‘শেহতীয়াভাৱে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সহায়ত ১৯৭১ৰ পাছত ৰাজ্যখনলৈ প্ৰৱেশ কৰা অবৈধ নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ১৯৭১ চনৰ পাছৰে পৰা অসমত জনসংখ্যা আত্যাধিক বৃদ্ধি পাইছে আৰু অসমীয়া, বড়ো, ৰাভা, মিছিং ইত্যাদি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল নিজৰ নিজৰ এলেকাতেই আজি সংখ্যালঘুত পৰিণত হৈছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বমুঠ জনসংখ্যা হৈছে ৩.২৯ কোটি।

‘‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ প্ৰথম তালিকাত ১.৯ কোটি প্ৰকৃত অসমীয়া নাগৰিকৰ নাম প্ৰকাশিত হৈছে। অসমৰ বাকী ১.৩৯ কোটি নাগৰিকে তেওঁলোক প্ৰকৃত হয় নে নহয়, তাৰ প্ৰমাণ দিব লাগিব।’’ খাছী ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোৱা হৈছে।

খাছী ছাত্ৰ সন্থাই আৰু কৈছে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰাত  যে ১.৯ কোটি নামৰ পৰা ১.১৫ লাখ লোকৰ নাম বাদ পৰিছে, অৰ্থাৎ ১.১৫লাখ লোক অসমৰ নাগৰিকত্ব লাভ কৰাৰ বাবে অযোগ্য বিৱেচিত হ’ব।

খাছী ছাত্ৰ সন্থাই কৈছে যে আভ্যন্তৰীণ যাত্ৰপথ অনুজ্ঞাপত্ৰৰ (ILP) দ্বাৰা সুৰক্ষিত অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ ক্ষেত্ৰত অনুপ্ৰৱেশৰ ভয় নাই কিন্তু যদিহে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰা নহয়, তেন্তে মেঘালয় অনুপ্ৰৱেশৰ বিৰূপ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব।

খাছী ছাত্ৰ সন্থাই   এতিয়াৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰী যাতে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ ‘হাইনইঙিয়ুট্ৰেপ’ (Hynñiewtrep) সম্প্ৰদায় আৰু দোৰবাৰ শ্নোংসমূহলৈ আহ্বান জানাইছে।

খাছী ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰকো আহ্বান জনাইছে যাতে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা প্ৰৱেশ আৰু প্ৰস্থান পথসমূহত অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হয়।

Related News