অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত অৰুণাচল আৰক্ষীৰ জিম্মাত অসমীয়া যুৱকৰ মৃত্যুক লৈ উত্তেজনা

প্ৰতিবাদীকাৰীয়ে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

অৰুণাচলৰ চাংলাং জিলাৰ ডিয়ুন আৰক্ষী থানাত এজন অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাক লৈ অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চল বৰডুমচাত উত্তেজনাৰ সৃষ্টি হৈছে। মৃত্যু হোৱা যুৱকজনৰ নাম তিনিচুকীয়া জিলাৰ বৰডুমচা গাঁৱৰ দিগন্ত শইকীয়া বুলি জানিব পৰা গৈছে। যুৱকজনক ডিয়ুনত হোৱা মটৰচাইকেল চুৰিৰ এটা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ ডিয়ুন থানাৰ আৰক্ষীৰ জিম্মাত আছিল। ঘটনাটোৰ প্ৰতিবাদত আছু, গোৰ্খা, সোণোৱাল কছাৰী, আদিবাসী, আৰু দেউৰী সংগঠন ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীসকলে অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে। অসম-অৰুণাচল সীমান্ত চকীৰ ওচৰত তেওঁলোকে টায়াৰ আদি জ্বলাই নিজৰ ক্ষোভ উজাৰে। তেওঁলোকে ডিয়ুন আৰক্ষী থানাৰ কৰ্তৃপক্ষৰ অমানৱীয় আচৰণক তীব্ৰ গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ ঘটনাটোৰ ন্যায়িক পৰ্য্যায়ৰ তদন্ত দাবী কৰে। ডিয়ুন আৰক্ষীয়ে যুৱকজনে আত্মহত্যা কৰা বুলি যি প্ৰচাৰ চলাইছে, তাক একাষাৰে নাকচ কৰি প্ৰতিবাদকাৰীসকলে কয় যে যিজন ল’ৰাই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সেইজন ল’ৰাই কেতিয়াও থানাৰ ভিতৰত আত্মহত্যা কৰিব নোৱাৰে। উল্লেখযোগ্য যে অভিযুক্ত দিগন্ত শইকীয়াই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত অসম আৰক্ষীয়ে তেওঁক অৰুণাচল প্ৰদেশ আৰক্ষীৰ হাতত গতাই দিছিল। ঘটনাটোৰ প্ৰতিবাদ ক্ৰমে তীব্ৰতৰ হোৱাৰ ফলত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰাৰ লগতে যাতায়াত ব্যৱস্থাতো প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে। পৰিস্থিতি সম্পৰ্কত অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পৰা বুলি আৰু লগতে অসমৰ প্ৰশাসনে অৰুণাচল পুলিচক মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা অসমত কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ ঘটনাস্থলীত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতকৰ নিকটতম আত্মীয়লৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।