অসম আন্দোলনৰ কৰ্মী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰযোজক বাপন মেধিৰ মৃত্যুত বৰপেটাত শোক প্ৰকাশ

bapon medhi

মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ লগতে থলুৱা কৃষ্টি-সংস্কৃতিৰ অন্যতম সাধক, অসম আন্দোলনৰ অন্যতম কৰ্মী তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰযোজক বাপন মেধিৰ মৃত্যুত বৰপেটাৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ১৯৮৫ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সেই সময়ত পাণবজাৰত থকা কেন্দ্ৰটোত এজন মঞ্চ সহায়ক কৰ্মী হিচাপে যোগদান কৰা মেধিয়ে পৰৱৰ্তী সময়ত ‘ফ্ল’ৰ মেনেজাৰ’ আৰু পিছলৈ অনুষ্ঠানৰ প্ৰযোজক পদলৈ উন্নীত হৈ মৃত্যুৰ আগমুহূৰ্তলৈ উক্ত পদত কৰ্মৰত হৈ আছিল।

১৯৬০ চনৰ ১ ডিচেম্বৰত বৰপেটাৰ গান্ধীনগৰত জন্মগ্ৰহণ কৰা বাপন মেধিয়ে বৰপেটাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

একেদৰে মহাপুৰুষীয়া কলা-সংস্কৃতিৰ লগতে থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মেধিয়ে বৰপেটাৰ দৌল মহোৎসৱৰ লগতে বৰপেটাৰ বীৰনাম, থলুৱা কৃষ্টি-সংস্কৃতি বহিঃৰাজ্যৰ লগতে দেশৰ বাহিৰলৈ নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ অৱশেষত যোৱা ২৬ মে’ত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মেধিৰ মৃত্যু হয়। মেধিৰ মৃত্যুত বৰপেটাৰ শিল্পী সংঘ, ভূপেন হাজৰিকা জন্মজয়ন্তী উদযাপন সমিতি, পিনাক ক্লাব, চহিদ স্মৃতি সংঘ, নৰনাৰায়ণ সংঘ আদিকে ধৰি ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।