অসম আবকাৰী বিভাগৰ অভিলেখ পৰিমাণৰ ১৭০০ কোটি ৰাজহ সংগ্ৰহ

parimal-678x381

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

২০১৭-১৮ বিত্তীয় বৰ্ষত অসম আবকাৰী বিভাগে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে যাৰ পৰিমাণ হৈছে ১৭০০ কোটি টকা। ক্ৰয় ৫.৪৬ শতাংশ কম হোৱা সত্তেও বিভাগটোৱে অধিকতম ৰাজহ সংগ্ৰহ কৰিবলৈ হৈছে।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে যে এয়া হৈছ বিভাগটোৰ দুৰ্নীতি হ্ৰাস হোৱাৰ এটা উদাহৰণ। তেওঁ কৈছে যে তেওঁ বিভাগটোক স্পষ্ট আৰু দুৰ্নীতিমুক্ত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। বিভাগৰ কাম-কাজত স্পষ্টতা অনা আৰু খৰটকীয়া কৰাৰ বাবে বিভাগটোৰ যাৱতীয় লেনদেন ডিজিটেলাইজড ব্যৱস্থালৈকে উন্নত কৰা হৈছে বুলি তেওঁ কয়।

সকলো শুল্ক অন্তৰ্ভুক্ত কৰি ৰাজহৰ পৰিমাণ ১৭০০ কোটি টকা। যোৱা বছৰত বিভাগে সমস্ত শুল্কসহ ১২০০ কোটি টকা, ২০১৫-১৬ চনত ৭৯৯.৫৩ কোটি টকা সংগ্ৰহ কৰিছিল।

২০১৭-১৮ চনত ৬২.৭৩ লাখ একলহল কেছ সেৱন কৰাৰ বিপৰীতে ২০১৬-১৭ চনত এই পৰিমাণ ৬৬.৩৬ কেছতকৈ অলপ অধিক আছিল। গতিকে প্ৰায় ৩,৬৩ লাখ কেছ কমকৈ সেৱন কৰা হৈছিল।

শুক্লবৈদ্যই কৈছে যে দেশীয় সুৰাৰ বাণিজ্যিকীকৰণ আৰু আধুনিকীকৰণৰ কোনো নীতি গ্ৰহণ কৰা হোৱা নাই। মহলদাৰী ব্যৱস্থাটো অস্বাস্থ্যকৰ ইয়াৰ বাণিজ্যকৰণৰ অভাৱ আছে।

তেওঁ আৰু কয় যে অসমৰ বিভিন্ন স্থানত জনজাতীয় লোকসকলৰ নিজা নিজা পানীয় প্ৰস্তুত প্ৰণালী থকা সত্তেও দেশত কোনো ঐতিহ্য পানীয় নীতি সদ্যহতে নাই। এই পানীয়সমূহ বাণিজ্যিকীকৰণ অচিন্তনীয় বুলি তেওঁ মন্তব্য কৰে। বিভাগৰ আন্তঃগাঁথনিমূলক সুবিধাৰ অভাৱ  আৰু আনকি ৰাজহ ফাঁকি ধৰা পেলাবলৈ বলৱৎকাৰী বিষয়া কৰ্মচাৰীৰ বাবে  বাহনো উপলব্ধ নহয় বুলি তেওঁ মন্তব্য কৰিছে। ।

প্ৰমাণপত্ৰ পঞ্জীয়ন নবীকৰণৰ নিৰিখ ৫০ শতাংশলৈকে হ্ৰাস কৰা হৈছে। পূৰ্বে ইয়াৰ পৰিমাণ ৩ লাখ টকাৰ বিপৰীতে বৰ্তমান ইয়াৰ পৰিমাণ ১.৫ লাখ টকা।