NORTHEAST NOW (Assamese)

অসম আহি পালেহি ভিলেজ ৰ’কষ্টাৰ খ্যাত ৰীমা দাস; দল সংগঠনৰ বিপুল আদৰণি

April 22, 2018 10:36 pm · এন ই নাও নিউজ

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল জিনি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনা ভিলেজ ৰ’কষ্টাৰৰ পৰিচালিকা ৰীমা দাস আজি অসমত আহি উপস্থিত হয়।

আমেৰিকাৰ পৰা অহা বিশিষ্ট পৰিচালিকা গৰাকী আজি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক আছুকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিষেশে বিপুল আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্যযোগ্য যে এটি দহ বছৰীয়া ছোৱালীৰ এটা ৰ’কবেণ্ড গঠনৰ দুৰ্বাৰ ইচ্ছাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ৰীমা দাসৰ বহু চৰ্চিত ছবি ভিলেজ ৰ’কষ্টাৰে কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

এইবাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণকমল বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী আৰু ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰে।

দল সংগঠন আৰু ৰাইজৰ উষ্ণ আদৰণিত যথেষ্ট উৎফুল্লিত হৈ পৰা তেওঁ মন্তব্য কৰে।

Related News