• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ বাবে তিনিখন জিলাৰ চূড়ান্ত তালিকা ঘোষণা : মুঠ প্ৰাৰ্থী ১৩৮৬ জন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2018 7:40 pm
Constable
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজ সন্ধিয়া ৫ বজাত ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ বাবে লোৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল। আজি ৰাজ্যৰ তিনিখন জিলা, বৰপেটা, ধুবুৰী আৰু নগাৱঁৰ প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা বিভাগটোৰ ৱেবছাইটযোগে ঘোষণা কৰা হয়।

অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে এই উপলক্ষে এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অধ্যক্ষ প্ৰদীপ কুমাৰে জানিবলৈ দিয়া অনুসৰি এই তিনিখন জিলাৰ মুঠ ১৩৮৬গৰাকী প্ৰাৰ্থীয়ে কনিষ্টবল পদত নিযুক্তিৰ বাবে যোগ্যতাৰে নিৰ্বাচিত হৈছে। ইয়াৰে ১২৪৯ গৰাকী পুৰুষ আৰু ১৩৭ গৰাকী মহিলা। এইসকলক সশস্ত্ৰ শাখাৰ কনিষ্টবল হিচাপে নিযুক্তি দিয়া হ’ব।

Apply Now

লগতে অধ্যক্ষজনে জনায় যে ধুবুৰী আৰু বৰপেটা জিলাত উপযুক্ত সংখ্যক এছ টি (পাৰ্বত্য)ৰ প্ৰাৰ্থী নথকা বাবে ৪০ টা সংৰক্ষিত পদৰ ৩৪টাই খালী হৈ ৰয়। তাৰ বিপৰীতে নগাঁও জিলাৰ মুঠ ৩৮ টা এছ টি (পাৰ্বত্য) পদৰ আটাইকেইটাতে প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

আনহাতে, অধ্যক্ষ প্ৰদীপ কুমাৰে এই কথাও জানিবলৈ দিয়ে যে ৰাজ্যিক বন বিভাৰ গঁড় সুৰক্ষা বাহিনীৰ ৯০টা পদৰো আজি ফলাফল ঘোষণা কৰা হৈছে। নিৰ্বাচিতসকলৰ ৮১ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা বুলি জানিব পৰা গৈছে।

উক্ত সংবাদ মেলতে অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে মহিলাৰ সৰহ সংখ্যকে লিখিত পৰীক্ষাত উত্তীৰ্ণ হয় যদিও শাৰীৰিক পৰীক্ষাত প্ৰায়খিনিয়ে উত্তীৰ্ণ হ’ব নোৱাৰিলে। গতিকে পুৰুষৰ তুলনাত অসম আৰক্ষীত মহিলা আৰক্ষীৰ সংখ্যা কম।

‘যোৱা কেইদিনমান পূৰ্বে অনুষ্ঠিত হোৱা মহিলা উপ-আৰক্ষী পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত ১০৪টা পদৰ মাত্ৰ ৪০টা পদৰ বাবেহে প্ৰাৰ্থী নিৰ্বাচিত হৈছে। বাকী ৬৪টা অসম্পূৰ্ণ হৈ ৰৈছে।‘ –এইদৰে কয় অধ্যক্ষ প্ৰদীপ কুমাৰে।

আনহাতে অধ্যক্ষ প্ৰদীপ কুমাৰে কয় যে পুনৰ আৰক্ষী আৰু বন বিভাগ মিলাই মুঠ ৫৬২৪টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰে ১৮৫১টা য়ু বি কনিষ্টবল, ৩৬৪৩ টা এ বি কনিষ্টবল, ৫২৫টা বন বিভাগৰ ১৩৫ টা জেইল বিভাগ আৰু ১৪৫ টা এ আই এছ এফৰ।

ইতিমধ্যে ফৰেষ্ট গাৰ্ডৰ বাবে ১,৩৮,৮৪৩ জনে অনলাইন আবেদন কৰিছে আৰু বাকী পদসমূহৰ বাবেও এসপ্তাহৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে। এই পদসমূহৰ ২৭ শতাংশ অন্যান্য পিছপৰা সকলৰ বাবে, ১০ শতাংশ এছ টি (ভৈয়াম) আৰু ৫ শতাংশ এছ টি (পাৰ্বত্য) আৰু বাকী ৭ শতাংশ এছ চি পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত। ইয়াৰোপৰি তেওঁ জনায় যে ৰাজ্যৰ ৮০টা সন্ত্ৰাস জৰ্জৰ এলেকাৰ আৰক্ষী থানাত এই পদবিলাকৰ দ্বাৰা নিযুক্ত কনিষ্টবলসকলৰ ১০ শতাংশ ভগাই দিয়া হ’ব।

লক্ষণীয় যে ধুবুৰীত কনিষ্টবল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত তেওঁ কয় যে ২০১৫ চনত অনুষ্ঠিত হোৱা কনিষ্টবলৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িতসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই পৰীক্ষা পুনৰ যোৱা ২৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত কৰা হ’ল। ইতিমধ্যে ধুবুৰীৰ জুলফিকাৰ আলী নামৰ পৰীক্ষাৰ্থী গৰাকীক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা হৈছে। সেই পৰীক্ষাৰ্থী গৰাকীয়ে আণ্ডাৰপেণ্টৰ ভিতৰত ম’বাইল ফোন লৈ গৈছিল আৰু সেই ম’বাইল ফোনেৰে ফটো তুলি প্ৰশ্ন কাকতখন নিজৰ ককায়েকলৈ প্ৰেৰণ কৰিছিল।‘

অধ্যক্ষজনে কয় যে এই পৰীক্ষাৰ ফলাফল আৰু প্ৰাৰ্থী নিৰ্বাচন সম্পূৰ্ণ যোগ্যতা ভিত্তিক আৰু ভবিষ্যতেও সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্তভাৱে নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়া হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd