• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসম আৰক্ষীলৈ আৱণ্টিত হাজাৰ কোটি টকা ক’লৈ যায়? ভাস্কৰ কলিতাৰ মৃত্যুৰ বাবে দায়ী স্বয়ং গৃহ বিভাগেই নেকি?

ধ্ৰুৱাৰ্ক চৌধুৰী by ধ্ৰুৱাৰ্ক চৌধুৰী
May 8, 2018 11:02 pm
Assam_Police
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ সুৰক্ষা আৰু আৰক্ষীৰ আধুনিকীকৰণৰ বাবে আৱণ্টিত হেজাৰ কোটি টকায়েও ৰুধিব পৰা নাই অসমত হত্যা, অপহৰণ, ধৰ্ষণৰ দৰে লোমহৰ্ষক অপৰাধৰ ঊৰ্ধ্বমুখী গ্ৰাফ। প্ৰাণ ৰক্ষাত ব্যৰ্থ হৈছে স্বয়ং আৰক্ষী বিভাগৰে এজনৰ পাছত এজনকৈ আৰক্ষী বিষয়াৰ। গুলজাৰ হুছেইন, নিত্যানন্দ গোস্বামী, ভাস্কৰ কলিতাৰ দৰে উদ্যমী ডেকা আৰক্ষী বিষয়াই মূৰ পাতি ল’ব লগা হৈছে অকালমৃত্যু, অপমৃত্যু। শেহতীয়াকৈ মহামাৰীৰ ৰূপ লৈছে ধৰ্ষণ আৰু নাৰী নিগ্ৰহৰ ঘটনাই।

কিয় এই দুৰ্দশা হৈছে অসম আৰক্ষীৰ ! বুলেট প্ৰুফ জেকেট ভেদিও অসম আৰক্ষীৰ বুকু ভেদ কৰে উগ্ৰপন্থীৰ গুলীয়ে ! উগ্ৰপন্থীৰ হাতত নিত্য নতুন অত্যাধুনিক অস্ত্ৰ। ইয়াৰ বিপৰীতে অসম আৰক্ষীৰ হাতত মান্ধাতা যুগৰ মামৰে ধৰা ৰাইফল, আজিৰ তাৰিখত উগ্ৰপন্থীৰ মাৰণাস্ত্ৰৰ তুলনাত এয়াৰ পিষ্টলৰ লগত ৰিজাব পৰা একে ছিৰিজৰ মাৰণাস্ত্ৰ !

হাজাৰ কোটি টকা আৱণ্টনৰ পাছতো অসম আৰক্ষীৰ আধুনিকীকৰণক পিছলৈ ঠেলি কোনে এনেকৈ বাৰে বাৰে মৃত্যুৰ মুখলৈ ঠেলি দিছে গুলজাৰ হুছেইনক, নিত্যানন্দ গোস্বামীক, ভাস্কৰ কলিতাৰ দৰে আৰক্ষী বিষয়াবোৰক !

প্ৰাপ্ত তথ্য মতে, 2004-05 বিত্তীয় বৰ্ষৰ পৰা 2013-14 বিত্তীয় বৰ্ষলৈ অসম আৰক্ষীক কেন্দ্ৰীয় চৰকাৰে সুৰক্ষাজনিত খৰচৰ বাবদ কেইবা হাজাৰ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰক্ষীলৈ মোকোলাই দিয়া এই বিশাল ধনৰাশিৰ বণ্টন এনেধৰণৰ-  2004-05 বিত্তীয় বৰ্ষত 75.40 কোটি টকা, 2005-06 বিত্তীয় বৰ্ষত 63.91 কোটি টকা, 2006-07 বিত্তীয় বৰ্ষত 90.86 কোটি টকা,  2007-08 বিত্তীয় বৰ্ষত 75.61 কোটি টকা,  2008-09 বিত্তীয় বৰ্ষত 108.60 কোটি টকা,  2009-10 বিত্তীয় বৰ্ষত 60.56 কোটি টকা,  2010-11 বিত্তীয় বৰ্ষত 92.04 কোটি টকা, 2011-12 বিত্তীয় বৰ্ষত 153.04 কোটি টকা, 2012-13 বিত্তীয় বৰ্ষত 108.96 কোটি টকা আৰু 2013-14 বিত্তীয় বৰ্ষত 290.30 কোটি টকা ।

আকৌ আৰক্ষীৰ আধুনিকীকৰণ শিতানত কেন্দ্ৰীয় চৰকাৰৰ পৰা একে সময়ছোৱাত অসম আৰক্ষীয়ে লাভ কৰিছে কেইবা হাজাৰ কোটি টকা। অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ লগতে অন্যান্য কাৰিকৰী কৌশল প্ৰশিক্ষণৰ বাবে লাভ কৰা এই ধনৰাশিৰ বণ্টন এনেধৰণৰ-  2004-05 বিত্তীয় বৰ্ষত 41.37 কোটি টকা, 2005-06 বিত্তীয় বৰ্ষত 56.68 কোটি টকা, 2006-07 বিত্তীয় বৰ্ষত 52.18 কোটি টকা, 2007-08 বিত্তীয় বৰ্ষত 88.12 কোটি টকা, 2008-09 বিত্তীয় বৰ্ষত 68.12 কোটি টকা, 2009-10 বিত্তীয় বৰ্ষত 60.79 কোটি টকা, 2010-11 বিত্তীয় বৰ্ষত 48.11 কোটি টকা, 2011-12 বিত্তীয় বৰ্ষত 37.90 কোটি টকা, 2012-13 বিত্তীয় বৰ্ষত 300 কোটি টকা আৰু 2013-14 বিত্তীয় বৰ্ষত 1338.35 কোটি টকা ।

Police

2014-15, 2015-16, 2016-17 বিত্তীয় বৰ্ষৰ বাবে এই শিতানত মোকোলাই দিয়া ধনৰ পৰিমাণ ক্ৰমে 1397.24 কোটি টকা, 662.11 কোটি টকা আৰু 594.02 কোটি টকা। 2015-16 বিত্তীয় বৰ্ষত ছাউথ এছিয়ান গেইমছ, 2015 গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বাবে অতিৰিক্ত 59.30 কোটি টকা পুনৰ মোকলাই দিয়ে। অৰ্থাৎ 2012-13 বিত্তীয় বৰ্ষৰ পৰা 2016-17 বিত্তীয় বৰ্ষলৈ লৈ আৰক্ষীৰ আধুনিকীকৰণ শিতানত 4291.72 কোটি টকা অসম আৰক্ষীয়ে লাভ কৰে ।

2017-18 বিত্তীয় বৰ্ষৰ বাবেও ইতিমধ্যে একেই শিতানত অসম আৰক্ষীয়ে 452.10 কোটি টকা আবণ্টন লাভ কৰিছে ।

এইবাৰ বুলেট প্ৰুফ জেকেটৰ ছবিখনলৈ চোৱা হওক। কেগৰ এক প্ৰতিবেদনত স্পষ্ট উল্লেখ কৰা হৈছে যে বোমা চিনাক্তকৰণ সঁজুলি ( Bomb detectors) , বুলেট প্ৰুফ জেকেট আৰু হেলমেট প্ৰয়োজন অনুপাতে পৰ্যাপ্ত যোগান নথকাৰ বাবে বোমা বিষ্ফোৰণ আৰু আহত বা নিহত আৰক্ষীৰ লোকৰ সংখ্যা আৰক্ষীত বাঢ়িছে।

কেগৰ ৰিপ’ৰ্টটোত কোৱা হৈছে যে 2003-04 বৰ্ষৰ তুলনাত 2007-08 বৰ্ষত বোমা বা এক্সপ্ল’ছিভ চিনাক্তকৰণৰ সংখ্যা 30% কমিছে , তাৰ বিপৰীতে আৰক্ষীৰ লোক আহত/নিহত হোৱাৰ ঘটনা 44% আৰু বোমা বিষ্ফোৰণৰ ঘটনা 45.2% বাঢ়িছে । ৰিপ’ৰ্টটোত এই পৰিসংখ্যাগত তাৰতম্যৰ বাবে বোমা ডিটেক্টৰ, বুলেট প্ৰুফ জেকেটৰ অভাৱকেই মূলত: দোষাৰোপ কৰা হৈছে।

2000-01 চনত ব্যুৰো অব পুলিচ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট নামৰ সংস্থাটোৱে ক’লে যে অসম আৰক্ষীত 18,996 টা বুলেট প্ৰুফ জেকেট সেইসময়ত জৰুৰী। সংস্থাটোৱে তেওঁলোকৰ 2001-05 বৰ্ষৰ Perspective Plan ত বছৰি 2000 টাকৈ সৰ্বমুঠ 10,000 টা সাধাৰণ আৰু পাতল ভৰৰ ( light weight) বুলেট প্ৰুফ জেকেট 5.50 কোটি টকা ব্যয় সাপেক্ষে ক্ৰয় কৰিবলৈ প্ৰস্তাৱো আগবঢ়ালে। আৰক্ষী বিভাগে 2006-07 চনত 94.49 লাখ টকা ব্যয় সাপেক্ষে 2019 টা গধুৰ ভৰৰ (heavy weight) বুলেট প্ৰুফ জেকেট কিনিলে । সিদিনাৰ তাৰিখত আৰক্ষীক লগা আকৌ অতিৰিক্ত জেকেটৰ সংখ্যা আছিল 16, 877 টা । সেই 16,877 টা জেকেট আৰু কিনা নহ’ল।

এনেকি 2006-07 চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বোমা ব্লেংকেট, বোমা বাস্কেট, বোমা চুট, নাইট ভিজন ডিভাইছ ক্ৰয় কৰিবলৈ অসম আৰক্ষীক 8.34 লাখ টকা আবণ্টন দিয়ে । কিন্তু অসম আৰক্ষী কৰ্তৃপক্ষই এই ধনৰাশি মোকোলাই উক্ত সামগ্ৰীখিনিও ক্ৰয় কৰাত গাফিলতি কৰে।

এতিয়া সংঘটিত অপৰাধৰ বেলিকা অসমৰ ছবিখন এপলক চাওকচোন। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ক্ৰাইমছ ইন ইণ্ডিয়া, 2016-ৰ তথ্যলৈ যদি আমি চাওঁ দেখিম– 2015 বৰ্ষত সংঘটিত হিংসাত্মক অপৰাধৰ তালিকাত দেশৰ ভিতৰতে অসম 74.22% ৰে দিল্লীৰ পাছতে (77.5%) দ্বিতীয় স্থানত। হত্যা, হত্যাৰ বাবে উদ্যত হোৱা (attempt to murder) , যৌতুকজনিত মৃত্যু, অপহৰণ, ডকাইতি, ধৰ্ষণ, ৰায়ত আদি অপৰাধসমূহ হিংসাত্মক অপৰাধৰ ভিতৰত পৰে। তথ্য মতে 2015 বৰ্ষত থানাত ৰুজু হোৱা মুঠ গোচৰৰ সংখ্যা  24,165 টাৰ 1149 টা হত্যাকাণ্ড, 6126 টা অপহৰণ, 1779 টা ধৰ্ষণ, যৌতুকৰ বাবে হত্যাকাণ্ড 157 টা, ডকাইটি 156 টা। 20869 টা গোচৰৰে নাৰী নিগ্ৰহৰ ঘটনাৰেও দিল্লীৰ পিছতে দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম । (অধিক তথ্যৰ বাবে এই লেখাৰ সৈতে সন্নিবিষ্ট গ্ৰাফ আৰু তালিকা চাওক । )

দীৰ্ঘকালৰ বাবে অসম আৰক্ষীক ৰাইজৰ সুৰক্ষা প্ৰদান আৰু অসম আৰক্ষীৰ আধুনিকীকৰণ এই দুই শিতানৰ নামত কেন্দ্ৰীয় চৰকাৰে দিয়া বিশাল ধনৰাশিৰ বিপৰীতে ৰাজ্যখনত প্ৰতিদিনে সংঘটিত অপৰাধজনিত ঘটনাৰ পৰিসংখ্যাৰ ছবিখন অত্যন্ত হতাশাজনক। কেন্দ্ৰীয় চৰকাৰে “A” কেটেগ’ৰিৰ ৰাজ্য হিচাপে অসমলৈ বিগত দুটা দশকে এইদৰে পৰ্যাপ্ত ধন যোগান ধৰাৰ পাছতো আৰক্ষীক সুসজ্জিত কৰি তোলাত দেখুওৱা ব্যৰ্থতা আৰু বৰ্ধিত অপৰাধৰ ছৱিখনে সচেতন মহলৰ চকু কপালত তুলিছে ।

বিভাগটোলৈ হাজাৰ কোটি টকা আবণ্টিত হৈ থকাৰ পাছতো আলফা, এন ডি এফ বিৰ দৰে সশস্ত্ৰ সংগঠনবোৰৰ বাহিৰেও ইণ্ডিয়ান মুজাহিদীনৰ দৰে জেহাদী সংগঠনেও অসমত যে শিপাবলৈ সক্ষম হৈছে, সিয়ো চিন্তিত কৰি তুলিছে সচেতন ৰাইজক। অন্য নালাগে, আৰক্ষীৰ যদি তিলমানো সতৰ্কতা থাকিলে হয়, ফাঁচীবজাৰৰ পৰা ঘঁড়ী ক্ৰয় কৰি বোমা নিৰ্মাণ ইণ্ডিয়ান মুজাহিদীনৰ দৰে জেহাদীয়ে কৰিব নোৱাৰিলেহেঁতেন ।

গুলজাৰ হুছেইন, নিত্যানন্দ গোস্বামীৰ দৰে আৰক্ষী বিষয়াৰ মৃত্যু অসমবাসীৰ চকুত আজিও সজীৱ হৈ আছে । তেনে সময়তে ঘটিল অন্য এক মৰ্মান্তিক দুৰ্ঘটনা– তিনিচুকীয়াৰ বৰডুমচাত আলফাৰে সংঘৰ্ষৰ পৰিণতিত  বুলেট প্ৰুফ জেকেট ভেদি ভাস্কৰ কলিতা নামৰ ডেকা আৰক্ষী বিষয়াজনৰ মৃত্যু। স্বাভাৱিকতে এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন হৈছে- বিগত দুটা দশকে অসম আৰক্ষীলৈ আবণ্টিত হাজাৰ কোটি টকা ক’লৈ গ’ল ! আৰক্ষী বিভাগে কি এনে জেকেট কিনি বিষয়াক পিন্ধাই যুদ্ধলৈ পঠিয়ায় যে উগ্ৰপন্থীৰ গুলীয়ে আৰক্ষীয়ে পিন্ধি থকা ৰক্ষাকৱচ ভেদি প্ৰাণ ল’বলৈ পাৰে ! এনেকি উগ্ৰপন্থীৰ হাতত থকা মাৰণাস্ত্ৰৰ বিপৰীতেও অসম চৰকাৰৰ গৃহ বিভাগে তলৰ ফালৰ আৰক্ষী বিষয়াৰ হাতত তুলি দিছে পুতলা সদৃশ কেতবোৰ অস্ত্ৰ-শস্ত্ৰ । ৰাইজে প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিশাল ধনৰাশিৰ ক’ত কিদৰে ব্যৱহাৰ হ’ল অসম আৰক্ষী আৰু গৃহ বিভাগৰ পৰা হিচাপ ল’ব পাৰিবনে !

ধ্ৰুৱাৰ্ক চৌধুৰী, গুৱাহাটীস্থিত এজন লেখক।

ই-মেইল : [email protected]

ধ্ৰুৱাৰ্ক চৌধুৰী

ধ্ৰুৱাৰ্ক চৌধুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd