NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ জালত জনাথন চাংমাৰ হত্যাৰ মাষ্টাৰমাইণ্ড

February 22, 2018 8:17 pm · প্ৰণৱ কুমাৰ দাস
Updated: February 22, 2018 10:38 pm

যোৱা নিশা অসম আৰক্ষীয়ে তেজপুৰৰ পৰা লালমিথাং ছিনেট নামৰ এজন মাৰ পীপল কনভেনশ্যন(ডেম’ক্ৰেটিক)ৰ নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা নেতাজন যোৱা ১৮ ফেব্ৰুৱাৰিত মেঘালয়ৰ আগন্তুক বিধানসভা নিৰ্বাচনত থিয় দিয়া এন চি পি দলৰ প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাকাণ্ডৰ আঁৰৰ মূল ব্যক্তি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ১৮ ফেব্ৰুৱাৰিত পূব গাৰোপাহাৰ জিলাৰ ছৱিলগ্ৰী গাৱঁত জনাথন নেংমিনজা চাংমাক গুলীয়াই হত্যা কৰা হৈছিল। প্ৰথমে আই ই ডি বিস্ফোৰণৰ পিছত সন্দেহযুক্ত বিদ্ৰোহীয়ে জধেমধে গুলীয়াই চাংমাকে ধৰি মুঠ চাৰিজনক হত্যা কৰিছিল। ইয়াৰ ভিতৰত তেওঁৰ দুজন দেহৰক্ষীও আছিল।

তেজপুৰ আৰক্ষীৰ এটা সূত্ৰই জনোৱামতে লালমিথাং ছিনেটক এছ এছ বি জোৱানৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বিশেষ তদন্তকাৰী ব্যুৰোৰ পৰা পোৱা এটা সূত্ৰৰ আঁত ধৰি জানুৱাৰিৰ পৰাই ছিনেটৰ সন্ধান কৰি আছিল। জানিব পৰা মটে লালমিথাং ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটৰ নেতা দাৰথাঙৰ হত্যাতো জড়িত থকাৰ অভিযোগ আছে। দাৰথাং ওৰফে নোবাৰ ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটটোৰ বিত্ত সচিব আছিল।

 

আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে তেওঁৰ বিৰুদ্ধে কাচাৰ জিলাৰ লক্ষীপুৰ থানাত 15/2018 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

‘আমি তেওঁক গ্ৰেপ্তাৰ কৰি শিলচৰ আৰক্ষীক গতাই দিছো। শিলচৰ আৰক্ষীৰ দ্বাৰা তদন্ত চলাই থকা হৈছে।’ এইদৰে কয় তেজপুৰৰ আৰক্ষী অধীক্ষক পি পি সিঙে।

উল্লেখযোগ্য যে মাৰ পীপল কনভেনশ্যন(ডেম’ক্ৰেটিক) নামৰ বিদ্ৰোহী গোটটো দুটা ভাগত বিভক্ত আৰু ইয়াৰে এইচ্ছ জোচাংবেৰা নেতৃত্বাধীন গোটটোৱে মিজোৰাম চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলাই আছে। আনটো আপোচবিহীন গোট লালমিথাং ছিনেটৰ নেতৃত্বাধীন।

Related News