অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা

15-10-17-Guwahati-Mukesh-Sahay-DGP-PMT-2

অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান (ডিজিপি) কোন হ’ব তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।  অহা ৩০ এপ্ৰিলত ৰাজ্যৰ বৰ্তমান আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাইৰ কাৰ্যকালৰ অন্ত পৰিব। গতিকে এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে দিচপুৰত তৎপৰতা আৰম্ভ হৈছে।

বৰ্তমান সময়ত বিদ্ৰোহী সংগঠনৰ ভাবুকি, মাজে-সময়ে সংঘটিত কূটাঘাতমূলক কাৰ্য, শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন-ধৰ্ষণ আদি ঘটনা, নিত্য নৈমিত্তিক চোৰ-ডকাইতিৰ ঘটনা আৰু দল সংগঠনৰ সঘন প্ৰতিবাদৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানৰ সন্ধানত ৰাজ্যৰ গৃহ বিভাগ ব্যস্ত হৈ পৰিছে।

নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব কাক অৰ্পণ কৰিব তাক লৈ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ লগতে গৃহ বিভাগে জ্যেষ্ঠতাৰ ভিত্তিত শীৰ্ষ আৰক্ষী বিষয়াৰ দক্ষতা আৰু যোগ্যতাৰ মাপকাঠী চালিজাৰি চাব বিচাৰিছে। পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান পদৰ বাবে আইন-শৃংখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান  কুলধৰ শইকীয়া, বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য, সীমান্ত শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম পুলিছ হাউছিঙৰ অধ্যক্ষ আৰ এম সিং আৰু অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান এ পি ৰাৱাটৰ নাম গৃহ বিভাগে বিবেচনা কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে এই চাৰিগৰাকী শীৰ্ষ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ভিতৰত কোনোবা এগৰাকীকো গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ কৰিব।

ইপিনে, অৱসৰগ্ৰহণ কৰিবলগীয়া আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাইক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিব বুলিও দিচপুৰত চৰ্চা চলিছে। অৱশ্যে শীঘ্ৰেই এই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আৰু এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধানে অসম আৰক্ষীৰ দায়িত্বভাৰ চম্ভালিৱ।