অসমত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড। নিজৰ পত্নী পংখী সন্দিকৈক হত্যা কৰিছে নীতিকেশ দাস নামৰ এজন পাষাণ শিক্ষকে।
জানিব পৰা মতে, এখন চৰকাৰী বিদ্যালয়ৰ কৰ্মৰত শিক্ষক নীতিকেশ দাসে আজিৰ পৰা ছমাহ পূর্বে সামাজিকভারে পংখী সন্দিকৈক বিবাহ কৰাইছিল। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল।
নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দুৱৰীছিগা গাঁৱৰ নিৱাসী ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা ২২ বছৰীয়া পংখী সন্দিকৈ আছিল এগৰাকী প্ৰতিভাৱান যুৱতী। বিভিন্ন সাংস্কৃতিক কৰ্মৰ লগত জড়িত আছিল পংখী। সৰুৰে পৰা মেধাৱী ছাত্ৰী আছিল পংখী সন্দিকৈ। শিৱসাগৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা আছিল পংখী সন্দিকৈ। মডেলিং, এঙ্কৰিং আৰু অভিনয়ৰ প্ৰতি ৰাপ আছিল তেওঁৰ।
উল্লেখ্য যে বিয়াৰ পিছত কৰ্মসূত্ৰে নামৰূপত বাস কৰিছিল নীতিকেশে। প্ৰথম অৱস্থাত দুয়োৰে সুখৰ সংসাৰ আছিল। কিন্তু বিয়াৰ পিছত নীতিকেশৰ বিভিন্ন মহিলাৰ লগত বিবাহবৰ্হিভূত সম্পৰ্ক থকা কথা জানিব পাৰে পত্নী পংখী সন্দিকৈয়ে। তেতিয়াৰ পৰাই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু অমানিশা নামি আহে পংখীৰ জীৱনলৈ।
অভিযোগ অনুসৰি এই কাজিয়াৰ ফলস্বৰূপেই যোৱা ২ মে’ৰ নিশা বিহু ফাংচন চাই আহি নীতিকেশে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰি হত্যাকাণ্ডক আত্মহত্যা ৰূপ দিবলৈ পত্নীক ৰচীৰে ওলমাই দিয়ে। তাৰপিছত স্থানীয় লোক আৰু পৰিয়ালৰ লোকক পত্নীয়ে আত্মহত্যা কৰা বুলি খবৰ দিয়ে নীতিকেশে।
পংখীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি পংখীৰ পৰিয়ালৰ লোক নামৰূপত উপস্থিত হৈ আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে পংখীৰ পিতৃ ভৈৰৱ সন্দিকৈয়ে নামৰূপ থানাত নীতিকেশ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পিতৃয়ে এজাহাৰত অভিযোগ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা নীতিকেশে পংখীৰ ওপৰত চলাই আহিছিল শাৰীৰিক-মানসিক অত্যাচাৰ। বিভিন্ন যুৱতী-মহিলাৰে আছিল নীতিকেশৰ অবৈধ সম্পৰ্ক।
ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ আগত পংখীৰ পিতৃয়ে কয় যে মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন আছে। তদুপৰি মৃতদেহৰ মুখৰ পৰা তেজ নির্গত হৈ আছিল।
উল্লেখ্য যে পিতৃৰ এই অভিযোগৰ পিছতে নামৰূপ আৰক্ষীয়ে নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ নিতাইপুখুৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।