ভাড়াতীয়াৰ সৈতে দীৰ্ঘদিনীয়া আইনী যুঁজ চলিলেই যে ঘৰৰ মালিকৰ সম্পত্তি ঘূৰাই পোৱাৰ বৈধ প্ৰয়োজন শেষ হৈ যায় এইকথা বিশ্বাস কৰাৰ কোনো কাৰণ নাই। এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশৰ পিলিভিটৰ প্ৰায় চাৰি দশক পুৰণি ঘৰৰ মালিক-ভাড়াতীয়া বিবাদৰ গোচৰত এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিঙৰ বিচাৰপীঠে ২০২৫ চনৰ মাৰ্চ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি নিম্ন আদালতে দিয়া ভাড়াতীয়াৰ উচ্ছেদৰ আদেশ পুনৰ বাহাল ৰাখে।
যোৱা ৬ অক্টোবৰত দিয়া আদেশত বিচাৰপীঠে কয় যে, ‘সময়ৰ লগে লগে প্ৰাথমিক বাধাসমূহ আঁতৰি যায়, কিন্তু দীৰ্ঘদিনীয়া আইনী যুঁজে ঘৰৰ মালিকৰ বৈধ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব নোৱাৰে।’
১৯৮৪ চনৰ পৰা এই গোচৰ আৰম্ভ হৈছিল। সেই বছৰৰ জুলাই মাহত ঘৰৰ মালিকে সম্পত্তিটোৰ দখল লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ উত্তৰ প্ৰদেশ নগৰীয়া ভৱন (Regulation of Letting, Rent and Eviction) Act, 1972 ৰ অধীনত ভাড়াতীয়ালৈ জাননী প্ৰেৰণ কৰে। ভাড়াতীয়াক তিনি বছৰৰ ভিতৰত ঘৰটো খালী কৰিবলৈ কোৱা হয়। কিন্তু ভাড়াতীয়াই ঘৰটো খালী কৰা নাছিল।
১৯৮৮ চনত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক ঘৰটো খালী কৰিব বুলিও আশ্বাস দিছিল। কিন্তু বাস্তৱত তেওঁ কৰা নাছিল। তাৰ পিছত ২০১০ চনত মালিকে ঘৰটো খালী কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে।
তেওঁ কয় যে তেওঁৰ নিউৰ’চাৰ্জন পুত্ৰৰ বাবে মেডিকেল ক্লিনিক খুলিবলৈ স্থানখিনিৰ প্ৰয়োজন। ২০১২ চনৰ ডিচেম্বৰ মাহত কৰ্তৃপক্ষই মালিকৰ প্ৰয়োজনীয়তা মানি লৈ উচ্ছেদ কৰাৰ নিৰ্দেশ দিয়ে। আপীল কৰ্তৃপক্ষইও সেই আদেশ মানি লৈছিল।
ভাড়াতীয়াৰ আবেদনৰ ভিত্তিত ২০২৫ চনৰ মাৰ্চ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি উচ্ছেদৰ নিৰ্দেশ খাৰিজ কৰে। ইয়াৰ পিছতে মালিকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। বিচাৰপীঠে উল্লেখ কৰে যে ১৯৮৪ চনত মালিকে সম্পত্তিটো অধিগ্ৰহণ কৰিছিল আৰু ১৯৮৬ চনত দেৱানী গোচৰ ৰুজু কৰিছিল। তেতিয়াৰ পৰা ভাড়াতীয়াই সম্পত্তিটো দখল কৰি আহিছে।
আদালতে কয় যে বিগত ৪০ বছৰে সম্পত্তি খালী হোৱা নাই আৰু ঘৰৰ মালিকৰ পুত্ৰই তাত নিজৰ ক্লিনিক স্থাপন কৰিব নোৱাৰিলে। ২০২৩ চনৰ ৰায়ৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ৩৮ বছৰতকৈও অধিক সময় ধৰি এই গোচৰটো বিচাৰাধীন হৈ আছিল। সেই গোচৰত আদালতে কৈছিল যে ইমান দীঘলীয়া বিলম্বৰ পিছত ঘৰৰ মালিকক নতুন আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কোৱাটো “ন্যায়বিচাৰৰ পৰিপন্থী” হ’ব।
বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত আদেশ বাতিল কৰি উচ্ছেদ সন্দৰ্ভত নিম্ন আদালতৰ সিদ্ধান্ত আৰু আদেশ পুনৰ ঘূৰাই অনাটো ন্যায়ৰ স্বাৰ্থত সঠিক পদক্ষেপ হ’ব। এই আদেশৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত ভাড়াতীয়াক এই সম্পত্তি খালী কৰি শান্তিপূৰ্ণভাৱে ঘৰৰ মালিকক গতাই দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ভাড়াতীয়াই এই সময়সীমাৰ ভিতৰত বকেয়া ভাড়া আৰু বৰ্তমানৰ ভাড়াৰ সম্পূৰ্ণ ধনো দিব লাগিব। চাৰি দশকৰ ক্লান্তিকৰ যুদ্ধৰ অন্তত অৱশেষত নিজৰ সম্পত্তিলৈ উভতি যাবলৈ ওলাইছে ঘৰৰ বৃদ্ধ মালিকজন।





