• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে বুধবাৰৰ পৰা চৰকাৰ গঠনৰ আলোচনা আৰম্ভ কৰিছে। ১১ নৱেম্বৰলৈকে তেওঁৰ হাতত আছে। এই সময়লৈকে যদি চৰকাৰ গঠন নহয় তেন্তে নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2026 9:45 am
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰধান বিৰোধী নেতা গাডি আইজেনকোট।  ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰধান বিৰোধী নেতা গাডি আইজেনকোট। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাবে ক্ষমতাত বৰ্তি থকাটো অধিক কঠিন হৈ পৰিছে। এপিনে, তেওঁৰ নেতৃত্বত গঠিত কঠোৰ ইহুদীবাদী মিত্ৰজোঁটে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। তাৰ পিছতে মিত্ৰজোঁটৰ আন এক অংশীদাৰে ঘোষণা কৰিছে যে তেওঁলোকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নেতানিয়াহুক সমৰ্থন নকৰে। পৰিস্থিতি এনে হৈ পৰিছে যে এই কট্টৰপন্থী নেতাজন ইজৰাইলৰ ক্ষমতাৰ ৰাজনীতিত ক্ৰমান্বয়ে একাষৰীয়া হৈ পৰিছে।

২৭ অক্টোবৰত ইজৰাইলত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াত নেতানিয়াহুৰ নেতৃত্বত মিত্ৰজোঁটে ১২০খন আসনৰ সংসদত ৫৩খন আসন লাভ কৰে। অৱশ্যে সংখ্যাগৰিষ্ঠতাৰ বাবে ৬১খন আসনৰ প্ৰয়োজন।

আনহাতে, প্ৰাক্তন সেনা প্ৰধান গাডি আইজেনকোটৰ নেতৃত্বত নেতানিয়াহু বিৰোধী মিত্ৰজোঁটে ৪৮খন আসন লাভ কৰে। ইজৰাইলৰ দুটা আৰব দলেও অভূতপূৰ্ব ফলাফল লাভ কৰে। একেলগে তেওঁলোকে সংসদ নেচেটৰ ১৯খন আসন লাভ কৰে।

Apply Now

যিহেতু কোনো মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই, গতিকে চৰকাৰ গঠনৰ বিষয়ে বিস্তৃত আলোচনা চলি আহিছে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে বুধবাৰৰ পৰা চৰকাৰ গঠনৰ আলোচনা আৰম্ভ কৰিছে। ১১ নৱেম্বৰলৈকে তেওঁৰ হাতত আছে। এই সময়লৈকে যদি চৰকাৰ গঠন নহয় তেন্তে নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব। তেতিয়ালৈকে নেতানিয়াহু অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে থাকিব।

হাৰ্জগৰ এই প্ৰচেষ্টাৰ মাজতে তেওঁৰ মিত্ৰজোঁটৰ অংশীদাৰ অতি ৰক্ষণশীল ইহুদী দল ইউনাইটেড টোৰাহ জুদাইজম (ইউ টি জে)য়ে বৃহস্পতিবাৰে নেতানিয়াহুক বৰ বেয়া খবৰ দিলে। দলটোৱে স্পষ্টভাৱে কয় যে চৰকাৰ গঠনৰ বাবে নেতানিয়াহুকে নহয়, আন কাকোৱেই ছুপাৰিছ বা সমৰ্থন নকৰে। অৱশ্যে নিৰ্বাচনৰ পিছত দলটোৱে বাৰে বাৰে ইংগিত দিছে যে তেওঁলোকে নেতানিয়াহুৰ সংগ এৰিব পাৰে।

এই নিৰ্বাচনত ইউনাইটেড টোৰাহ জুদাইজমে ৭খন আসন লাভ কৰে। অৰ্থাৎ তেওঁলোকে প্ৰত্যাহাৰ কৰাৰ পিছত নেতানিয়াহু মিত্ৰজোঁটৰ আসনৰ সংখ্যা হ’ব ৪৬খন।ফলত আইজেনকোটৰ মিত্ৰজোঁটৰ তুলনাত নেতানিয়াহু মিত্ৰজোঁটৰ আসনৰ সংখ্যা হ্ৰাস পাব।

বিৰোধী মিত্ৰজোঁটৰ বাবে আৰু এটা ডাঙৰ খবৰ হৈছে, এটা আৰব দলে আইজেনকটক প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন কৰিব পাৰে বুলি খবৰ ওলাইছে। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি এই পাৰ্টিটো হৈছে মনছুৰ আব্বাছৰ ৰাঅম। এতিয়া তেওঁলোকে ৮খন আসন লাভ কৰিছে। এই আসনকেইখন সংযোজন কৰিলে আইজেনকটৰ হাতত প্ৰধানমন্ত্ৰীৰ পদৰ বাবে সমৰ্থন কৰিব পৰাকৈ মুঠ ৫৬খন আসন থাকিব। মুঠতে নেতানিয়াহুৰ পতনৰ পথ মোটামুটি স্পষ্ট যদিও অৱশেষত নেচেটৰ দায়িত্ব কোনে ল’ব সেয়া চাবলৈ আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

November 6, 2026 9:45 am
ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

November 6, 2026 8:45 am
ইৰাণৰ মিছাইলত ৰাসায়নিক অস্ত্ৰ? ইজৰাইলৰ চোৰাংচোৱাৰ দাবীয়ে সৃষ্টি কৰিছে চাঞ্চল্য

ইৰাণৰ মিছাইলত ৰাসায়নিক অস্ত্ৰ? ইজৰাইলৰ চোৰাংচোৱাৰ দাবীয়ে সৃষ্টি কৰিছে চাঞ্চল্য

November 6, 2026 8:00 am
‘অতি বিনয়ী’, আমেৰিকাৰ চিনেটৰ হিচাপে আব্দুলৰ ঐতিহাসিক জয়, কৰ্ণাটকৰ পৰিয়ালত আনন্দৰ জোৱাৰ

‘অতি বিনয়ী’, আমেৰিকাৰ চিনেটৰ হিচাপে আব্দুলৰ ঐতিহাসিক জয়, কৰ্ণাটকৰ পৰিয়ালত আনন্দৰ জোৱাৰ

November 5, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

November 6, 2026 9:45 am
ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

November 6, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd