অসমীয়া হিচাপে অন্তিমবাৰৰ বাবে সকলোৱে সৰ্বাত্মকভাৱে গৌৰৱ কৰি উলাহত ফাটি পৰাৰ অন্তিমটো সুযোগ আহিছিল অসমে ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াত ফুটবলত স্বৰ্ণ পদক পোৱাৰ সময়ত।
এইটো সুযোগ বাৰে বাৰে অসমবাসী ৰাইজৰ বাবে আহিলে আনন্দৰ সীমা নেথাকিলে হেঁতেন। মূলসুঁতিৰ ভাৰতীয়ৰ তুচ্ছ-তাচ্ছিল্যৰ প্ৰতি এইবিধ হ’ল হেঁতেন আমাৰ শাণিত অস্ত্ৰ! ফাইনেলতকৈয়ো ভাল লাগিছিল যেতিয়া অসমে বংগক ৪-০ত হৰুৱাইছিল, স্বৰ্ণপদকৰ নায়ক গ’লৰক্ষক উৰন্ত গোবিন্দ বড়ো, দুৰন্ত ষ্ট্ৰাইকাৰ সংঞ্জীৱা ৰংপি (২০০৬ চনৰ বৰদলৈ ট্ৰফীৰ ফাইনেলত এওঁ দিয়া গ’লটোৰ বিৱৰণি ৰেডিঅ’ত শুনি বিস্ময়ত আত্মহাৰা হৈছিলোঁ ), থৈবা সিং ,মিণ্টু বড়ো, বীৰ্জৱ মুছাহাৰী (এৱেঁই বংগক হেডাৰেৰে গ’লটো দি জিভা উলিয়াই বন্য উল্লাস প্ৰদৰ্শন কৰি বংগীয় ফুটবল জাত্যাভিমানক উপলুঙা কৰিছিল) আদি খেলুৱৈবোৰ ক’ত হেৰাল কোনোৱে খবৰ নেৰাখিলে।
স্বৰ্ণপদক দখল কৰিলেও অসম দলটোৱে চৰকাৰৰ ফালৰ পৰা কোনো উপযুক্ত সঁহাৰি পোৱা নাছিল, মহাৰাষ্ট্ৰৰ লগত ৪-১ত জিকা খেলখন গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা ধাৰ কৰা জাৰ্চিৰে খেলিব লগা হৈছিল, চৰকাৰৰ পৰা পোৱা বুটৰ অৱস্থা আছিল অতিকে দুখলগা!
ফুটবলৰ সমন্বিতে অসমৰ ক্ৰীড়াৰ বিষয়টো অসম সংক্ৰান্তত চলা বিতৰ্ক আৰু আলোচনাৰ পৰা সকলোৰে মন-মগজুত, চিন্তা-চেতনাত বিস্তাৰিত হোৱাৰ সময় আহি উপস্থিত হৈছে, অসমীয়াত্ব এতিয়া গভীৰ সংকটত, অসমীয়াৰ সম্পদৰ অধিকাৰ বহিৰাগতৰ হাতত, অসমৰ অৰ্থনীতিৰ ভাগ্যনিয়ন্তা অকল বহিৰাগত পুঁজিপতি, আমাৰ স্বাভিমান গামোচাও তৈয়াৰ হয় কোনো অচিন কাৰখানাত, আমাৰ খাদ্যাভ্যাসো অন্যৰ পৰা আমদানিকৃত, তদুপৰি স্বাধীন অসমৰ স্বপ্ন এতিয়া অতি ধূসৰ, বাৰুদৰ গোন্ধত অসমীয়া সমাজ জীৱনত গভীৰ অৱক্ষয় পৰিলক্ষিত হৈছে।
শক্তিশালী ৰাষ্ট্ৰযন্ত্ৰ থকাৰ পৰিপেক্ষিতত এই মুক্তি সংগ্ৰাম বাস্তৱত ৰূপায়িত হব নোৱাৰে, অসমীয়াৰ জাতি-মাটিৰ গৌৰৱ ৰাজনৈতিক দলবোৰে অজস্ৰ সীমাবদ্ধতাৰ বাবে ৰক্ষা বহন কৰিব নোৱাৰে, তেন্তে আমি অসমীয়া হিচাপে গৌৰৱ কৰাৰ থল ক’ত থাকিল?
অৱশ্যেই আছে, উত্তৰ হ’ল ফুটবল আৰু এথলেটিকছ, বক্সিং, অসমৰ জনজাতীয় গ্ৰামাঞ্চল অজস্ৰ সম্ভাৱনাৰে ভৰপূৰ। মংগোলীয় মানৱ ঠালৰ ফুটবল খেলুৱৈসকল জন্মগত যুঁজাৰু। সহজতে হাৰ মানিবৰ বাবে ইচ্ছুক নহয়, শাৰীৰিকভাৱে অতি শক্তিশালী, মানসিকভাৱেও তেওঁলোক শক্তিশালী, অসমৰ পূৰ্ববংগীয় মুছলমানসকল কাবাদী আৰু এথলেটিকছত যথেষ্ট প্ৰতিভাশালী, ৰংয়িঙতো অসমৰ খেলুৱৈৰ অযুত সম্ভাৱনা লুকাই আছে। নাছিফা ছাদিক জুনিয়ৰ এছিয়ান চেম্পিয়ন নিম্নতম সুবিধাৰ মাজেৰেই সৃষ্টি হৈছে, উপযুক্ত সুবিধা পালে অসম ৰয়িঙৰ শক্তিকেন্দ্ৰ হৈ পৰিব বুলি আশা কৰিব পাৰি।
ইপিনে ইতিমধ্যেই গুৱাহাটীৰ অভিজাত স্কুলবোৰে প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ জৰিয়তে দবাখেলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত ভাল দবাৰুৰ জন্ম দিব পাৰিছে। ভলীবলতো অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ প্ৰতিভা লুকাই আছে। অসমৰ অপ্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈয়ে উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত ৰেইলৱে’/ বি এছ এফ দলক কেনেকৈ পৰ্য্যুদস্ত কৰিছিল তাৰ মই চাক্ষুষ সাক্ষী আছিলোঁ। এখন খেলত গোৱালপাৰাৰ ভিতৰুৱা গাঁৱৰ হিমাংশু দাস নামৰ মধ্য উচ্চতাৰ স্মেচাৰ এজনে অকলেই ৰেইলৱে’ দলক ঢোকে ঢোকে পানী খুৱাইছিল। অসমৰ অনেক যুৱকে ভলীবলৰ জৰিয়তেই সেনাবাহিনীত সন্মানসহকাৰে নিযুক্তি লাভ কৰিছে। গতিকে উচ্চ প্ৰশিক্ষণ পালে অসমৰ যুৱক কিমান দুৰ্ধৰ্ষ হৈ উঠিব পাৰে সেয়া সহজেই অনুমেয়।
অভিজিৎ ভট্টাচাৰ্য্য আৰু স্বাক্ষৰ তালুকদাৰৰ পিছত অসমে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিনিধিত্ব কৰিব পৰাকৈ অন্য প্ৰতিভাৰ সৃষ্টি কৰিব পৰা নাই। এই ক্ষেত্ৰত প্ৰতিভাৰ অভাৱতকৈ চৰকাৰী অৱহেলাহে বেছি দোষী। বক্সিঙত অসম অন্যতম পাৱাৰ হাউছত পৰিণত হ’ব পাৰে, অংকুশিতা বড়ো, যমুনা বড়ো, শিৱ থাপা আদি এই ক্ষেত্ৰত অন্যতম পথীকৃত।
কিছু বছৰ পূৰ্বে অসম ভ্ৰমণলৈ অহা ভাৰতৰ বিখ্যাত বেডমিণ্টন খেলুৱৈ চেতন আনন্দে অসমৰ খেলুৱৈৰ শাৰীৰিক গঠন চীনৰ খেলুৱৈৰ লেখীয়া বুলি ব্যক্ত কৰিছিল, গতিকে অসমৰ পৰা বেডমিণ্টনত ভাল খেলুৱৈ ওলোৱাৰ সম্ভাৱনা তেওঁ ব্যক্ত কৰিছিল। গতিকে স্বাভাৱিকতেই অসম বেডমিণ্টনৰ উল্লেখনীয় উৰ্বৰ ভূমি হ’ব পাৰে।
ইতিমধ্যেই অস্মিতা চলিহাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি অৰ্জন কৰিছে। স্মৰ্তব্য যে অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্য্যৰ প্ৰশিক্ষণেৰে পুষ্ট হৈয়ে অশ্বিনী পুনাপ্পাই ভাৰতক বহুকেইটা আন্তজাৰ্তিক পদক উপহাৰ দিছিল। গতিকে নিজৰ মুলকত তেওঁ যে অন্য অশ্বিনী পুনাপ্পাৰ জন্ম দিব পাৰিব সেয়া ভাবিবৰ নিশ্চয় থল আছে!
অসমত ক্ৰিকেটৰ প্ৰতিভাও যথেষ্ট, অসমৰ বেগীবলাৰে ছেগাচোৰোকাকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাল প্ৰদৰ্শন কৰি আহিছে। অনুপ ঘটক, আবু নেচিম, সুজয় তৰফদাৰ, কৃষ্ণ দাস, অৰূপ দাস আদিবোৰ জ্বলন্ত নাম, কিন্ত এইবোৰ খেলুৱৈ এচাম ক্লাবৰ ঐকান্তিক নিস্বাৰ্থ চেষ্টাৰ ফচল, বৰপেটাৰ শিৱশংকৰ ক্লাব ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ! কিন্ত অসম ক্ৰিকেট সংন্থাৰ অৱদান এইক্ষেত্ৰত নগণ্য। বেগীবলাৰৰ প্ৰাচুৰ্য্য থাকিলেও অসমৰ পৰা এতিয়ালৈকে নাম কৰিব পৰাকৈ ভাল বেটছমেন ওলোৱা নাই, ভাল বেটছমেনৰ অভাৱতেই অসমে ৰঞ্জিট্ৰফীত মুখথেকেচা খাব লগা হয়। আশাকৰো চৰকাৰে আন্তঃগাঁথনি উন্নত কৰি ভাল প্ৰশিক্ষক নিযুক্তি দি অনাগত সময়ত বিৰাট কোহলী, ৰোহিত শৰ্মাৰ লেখীয়া সম্ভাৱনাৰ জন্ম দিব!
কিন্ত ইয়াৰ বাবে লাগিব সুসংহত প্ৰণালীবদ্ধ এটা গাঁথনি। জিলা পৰ্য্যায়ৰ লগতে মহকুমা পঞ্চায়ত পৰ্য্যায়ৰ গাঁথনি প্ৰস্তত কৰি আগ বাঢ়িব লাগিব। এই নীতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে চৰকাৰী কৰ্তৃপক্ষই অচিৰেই স্থানীয় ক্লাবৰ লগত চুক্তি কৰি উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। অসমৰ অৰ্ধেক সংখ্যক বিদ্যালয়ৰ নিজা খেলপথাৰ আছে। তাত সামান্যভাৱেই আন্তঃগাঁথনি উন্নত কৰি চেণ্টাৰ অব এক্সিলেণ্স স্থাপন কৰিব পৰা যায়।
মহাবিদ্যালয়সমূহেও বিশ্ববিদ্যালয় অনুদান আয়োগৰ সাহায্য লাভ কৰি উন্নতমানৰ ইণ্ড’ৰ ষ্টেডিয়াম গঠন কৰিছে। ইয়াৰ পৰাও নিয়মীয়া অনুশীলন আৰু প্ৰশিক্ষণৰ যোগেদি ভৱিষ্যতে উন্নত মানৰ খেলুৱৈ সৃষ্টি হ’ব পাৰে! অসমৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভা সৃষ্টি নোহোৱাৰ অন্যতম কাৰণ হৈছে জিলা ক্ৰীড়া সংস্থাবোৰত দুৰ্নীতিৰ পয়োভৰ।
অচিৰেই সংস্থাবোৰৰ ক্ষমতা আৰু পুঁজি কৰ্তন কৰি স্থানীয় ক্লাব বা বিদ্যালয়লৈ স্থানান্তৰ কৰিব লাগিব। তেতিয়াহে ভৱিষ্যতে খেলুৱৈ সৃষ্টিৰ সোণালী পথৰ নিৰ্মাণ হব! এনেকুৱা গাঁথনি এটাৰ অস্তিত্ব থাকিলেহে খেলুৱৈৰ নিয়মীয়া উৎপাদন হ’ব, কেৱল উৎপাদন হ’লেই নহ’ব হাৰিয়ানাৰ দৰে খেলুৱৈক সংস্থাপন কৰাৰ নীতি ল’ব লাগিব।
কোৱা বাহুল্য যে জয়ন্ত তালুকদাৰৰ দৰে খেলুৱৈয়ে উপযুক্ত চাকৰি নোপোৱাৰ পৰিপেক্ষিতত অন্য ৰাজ্যৰ হৈ খেলিবলৈ বাধ্য হৈছিল। তেনে পৰিস্থিতিৰ দুনাই উদ্ভৱ হ’বলৈ দিব নালাগে। ভাল গাঁথনি এটা থকাৰ বাবেই বোম্বাই চহৰে ভাৰতীয় দলক খেলুৱৈ যোগান ধৰি আছিল। উপযুক্ত গাঁথনি থকাৰ বাবেই মণিপুৰ দলৰ খেলুৱৈ নহ’লে ভাৰতীয় হকী দল গঠন নহয়। বক্সিঙৰ কথা নকৱেঁই যেনিবা। কোঠাজিত সিং আৰু চিংলাস্তানা ভাৰতীয় হকীৰ অনন্য সম্পদ, ৰক্ষণ বিভাগৰ ৰাজহাড় স্বৰূপ। ফুটবলতো এতিয়া মণিপুৰৰ খেলুৱৈৰ একাধিপত্য। চুবুৰীয়া ৰাজ্যৰ পৰা শিক্ষা লৈ অসমে যদি ক্ৰীড়াৰ উপযুক্ত গাঁথনি প্ৰস্তুত কৰি বাস্তৱত ফলৱৰ্তী কৰাৰ প্ৰচেষ্টা চলায়, তেন্তে অসমীয়াৰ জাতীয় আৱেগ, স্বাভিমান, শৌৰ্য্য-বীৰ্য্য প্ৰকাশৰ বাবে ক্ৰীড়া হ’ব উপযুক্ত অস্ত্ৰ!
লেখক কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাত্তোকোত্তৰৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰ।