অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ নিশ্চিত কৰাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত কেন্দ্ৰৰ

Assam CM Sonowal with Union HM Rajnath Singh

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উদ্ধৃতি দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ স্বৰূপ অসম চুক্তিৰ ষষ্ঠ দফাটো বলৱৎ কৰিবলৈ এখন কমিটী গঠন কৰা হ’ব। অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি দৃষ্টি ৰখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে অসম চুক্তিৰ ষষ্ঠ দফাটোৱে অসমৰ খিলঞ্জীয়া অধিবাসীসকলক সাংবিধানিক নিৰাপত্তা প্ৰদান কৰিব।

নতুন দিল্লীৰ নৰ্থ ব্লকত অৱস্থিত গৃহ মন্ত্ৰ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱাল আৰু দিশপুৰৰ শীৰ্ষস্থানীয় বিষয়াবৰ্গৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ ওপৰত দুঘণ্টা ধৰি আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰী সোণোৱালে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ সময় চোৱাত কেন্দ্ৰই অৰ্ধ-সামৰিক বাহিনীকে ধৰি সাম্ভাব্য সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি গৃহ মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই ৩০ জুনত অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশ কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশিত হোৱাৰ সময়ত অসমৰ জনসাধাৰণে চৰকাৰৰ সৈতে কৰা সহযোগিতাৰ কথা উল্লেখ কৰি পাছৰ পৰ্যায়তো একেই সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয় যে প্ৰত্যেকেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত তেওঁলোকৰ দাবী আৰু অভিযোগ উত্থাপন কৰিব পাৰিব।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ প্ৰসংগ আনি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে বিধেয়কখনৰ পৰা অসমৰ ৰাইজ ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই।

মঙলবাৰে আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াসহ অসমৰ শীৰ্ষস্থানীয় বিষয়াসকলে গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে ৰাজ্যখনত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰাৰ বিষয়ত বিতং আলোচনা কৰে।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ নিৰাপত্তা জড়িত বিষয়টোৰ সৈতে কোনো সুৰুঙা ৰাখিব বিচৰা নাই।