অসম প্ৰকাশন পৰিষদৰ ৬০ তম প্ৰতিষ্ঠা দিৱস

অসম প্ৰকাশন পৰিষদে ৬০ বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে আজি অনুষ্ঠিত ৬০ তম প্ৰতিষ্ঠা দিৱসত শিক্ষা মন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভট্টাচাৰ্যই কয়, ‘পাহাৰে-ভৈয়ামে বসবাস কৰি থকা অসমৰ সকলো জাতি-জনগোষ্ঠীৰ এটি সন্মিলিতৰূপ অসম প্ৰকাশন পৰিষদে গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিব  লাগিব। জাতীয় ঐক্য স্থাপনৰ লক্ষ্য আগত ৰাখি আমি সকলো একত্ৰিত হৈ সন্মিলিত প্ৰচেষ্টাৰে প্ৰকাশন পৰিষদে গ্ৰহণ কৰা কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব লাগিব।’

পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘অসমৰ বৰ্ণাঢ্য সংস্কৃতি হৈছে বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ এটি সন্মিলিত ৰূপ। গতিকে ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধন মানেই অসমীয়া জাতীয় জীৱনৰ সমৃদ্ধি।’

পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে প্ৰকাশন পৰিষদে আগন্তুক দিনত গ্ৰহণ কৰিব লগা কাৰ্যসূচীসমূহৰ সন্দৰ্ভত আলোকপাত কৰে।

ভাষণ প্ৰসংগত ড০ গোস্বামীয়ে কয়, ‘অসম প্ৰকাশন পৰিষদে বহু আপুৰুগীয়া গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে বিশ্বকোষৰ দৰে প্ৰকল্প ৰূপায়ণ কৰি ইতিমধ্যে প্ৰশংসা লাভ কৰিছে। এনে প্ৰচেষ্টা ভৱিষ্যতেও অব্যাহত থকাতো আমাৰ সকলোৰে কাম্য।’

উক্ত অনুষ্ঠানত বিশিষ্ট  অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক সুশীল কুৰ্মীয়ে অসম প্ৰকাশন পৰিষদে চাহ জনগোষ্ঠীৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

দেৱজিৎ বৰাই আঁত ধৰা উক্ত অনুষ্ঠানতে সুমন্ত চলিহাৰ সম্পাদনাত প্ৰকাশ পোৱা হেম বৰুৱা ৰচনাৱলীৰ দ্বিতীয় খণ্ড উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই অনুষ্ঠানত হেম বৰুৱাৰ পুত্ৰ অঞ্জন বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।