NORTHEAST NOW (Assamese)

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ গোদামৰ পৰা বৃহৎ পৰিমানৰ চৰকাৰী আঁঠুৱা জব্দ

March 28, 2018 10:26 pm · অনন্ত স্মিথ

পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত শিৱসাগৰৰ ডিমৌৰ এটা ইটাভাটাৰ গোদামত চৰকাৰী আঁঠুৱা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি ডিমৌৰ ৰাজমাই পাখীমুৰীত অৱস্থিত জে এম বি নামৰ ইটাভাটাটো ছিল কৰোঁতে ১৬টাকৈ চৰকাৰী আঠুঁৱাৰ বান্দোল উদ্ধাৰ হয়।

উল্লেখযোগ্য যে ইটাভাটাটোৰ মালিক হৈছে শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈ।

আজি জিলা দণ্ডাধীশৰ উপস্থিতিত প্ৰমীৰ গগৈক কোটি টকা ঋণ প্ৰদান কৰা নেডফি কৰ্তৃপক্ষ আৰু ডিমৌ আৰক্ষীয়ে ইটাভাটাটো ছিল কৰাৰ সময়ত উক্ত আঠুঁৱাৰ বান্দোলসমূহ উদ্ধাৰ কৰে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত আঠুঁৱাসমূহ মজুত ৰখা বুলি স্থানীয়লোকে সন্দেহ কৰিছে।

উল্লেখ্য যে, ডিমৌৰ ৰাজমাই পাখীমুৰীৰ ১৯ বিঘা মাটি ক্ৰয় কৰি ইটাভাটা খুলিবৰ বাবে নৰ্থ ইষ্টাৰ্ন ডেভেলপমেন্ট ফাইনেন্স প্ৰাইভেট লিমিটেড চমুকৈ নেডফি পৰা এক কোটি নব্বৈ লাখ টকাৰ ঋণ লৈছিল বিধায়ক প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈয়ে।

কিন্তু বাৰম্বাৰ নিৰ্দেশ জাৰি কৰাৰ পিচতো ঋণ পৰিশোধ নকৰাৰ বাবে আজি দুপৰীয়া দণ্ডাধীশ আৰু আৰক্ষীৰ সৈতে ইটাভাটাটো বিত্তীয় প্ৰতিষ্ঠানটোৱে ছীল কৰি দিয়ে। সেই সময়তে দলটোৱে ইটাভাটাৰ কাৰ্যালয়ৰ লগত সংলগ্ন গোদাম ঘৰটোত প্ৰত্যক্ষ কৰে চৰকাৰী আঠুঁৱাৰ বান্দোলসমূহ। উক্ত আঠুঁৱাসমূহ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে জব্দ কৰে।

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত বৰ্ষীয়ান কংগ্ৰেছী বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰী আঠুঁৱাৰ ১৬ টাকৈ বান্দোল উদ্ধাৰ হোৱা ঘটনাই বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটোৱাৰ উপৰি সমগ্ৰ শিৱসাগৰ জিলাৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News