অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন- ১৭ এপ্ৰিলৰ সামৰণি কাৰ্য্যসূচীত উপস্থিত থাকিব উপ ৰাষ্ট্ৰপতি

AAU

উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ প্ৰদৰ্শনেৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ অংশ হিচাপে আজি উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

প্ৰায় ৩ হাজাৰ অংশ গ্ৰহণকাৰীয়ে ভাগ লোৱা এই শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে উপাচাৰ্য্য কে এম বুজৰবৰুৱাই। তাৰ আগেয়ে উপাচাৰ্য্যজনে বিশ্ববিদ্যালয়খনৰ এখন নৱনিৰ্মিত দ্বাৰ মুকলি কৰি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষকগোট আৰু অন্যান্যসকলে নিজৰ নিজৰ সাজপাৰৰ মাজেৰে উত্তৰ-পূবৰ সাতভনী আৰু এক ভাতৃ (ছিকিম)ৰ বৰ্ণময় বৈশিষ্ট্য তুলি ধৰে। লগতে বিশ্ববিদ্যালয়খন আৰু অঞ্চলটোৰ কৃষি ক্ষেত্ৰৰো ছবি ফুটাই তোলে।

উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়খন অসম কৃষি বিশ্ববিদ্যালয় আইন, ১৯৬৮ৰ দ্বাৰা ১৯৬৯ চনৰ ১ এপ্ৰিলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল। যোৱা ১ এপ্ৰিলৰ পৰা উদযাপিত স্বৰ্ণজয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী অহা ১৭ এপ্ৰিললৈ চলিব।

এইকেইদিনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনকে ধৰি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী লোৱা হৈছে। ১৭ এপ্ৰিলৰ সামৰণিৰ দিনাৰ কাৰ্য্যসূচীত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত থাকিব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ অধীনৰ আন আন মহাবিদ্যালয়বোৰতো এই উদযাপন অনুষ্ঠিত হৈছিল। এই উদযাপনৰ মূল বক্তব্য (theme) আছিল ‘কৃষিৰ ৰূপান্তৰ’।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি ক্ষেত্ৰলৈ ইয়াৰ গৱেষণাৰ যোগেদি গুৰুত্বপূৰ্ণ বৰঙনি আগ বঢ়াই আহিছে। বীজ, কৃষি পদ্ধতি, কৃষিজাত সামগ্ৰিৰ গুণ-মান আদি সম্পৰ্কত বিশ্ববিদ্যালয়খনে গুৰুত্বপূৰ্ণ গৱেষণালব্ধ ফল অঞ্চলটোলৈ আগ বঢ়াই আহিছে।