অসম বীজ নিগমৰ উদ্যোগত বৰপেটাত ২০০০ কৃষকক বিনামূলীয়া ধানৰ বীজ বিতৰণ

Assam seed corporation

প্ৰতিনিধিত্বমূলক ছবি

অসম বীজ নিগমৰ উদ্যোগত আৰু জিলা কৃষি বিভাগ বৰপেটা, কৃষি বিজ্ঞান কেন্দ্ৰ হাউলীৰ সহযোগত ২০১৮-১৯ বৰ্ষৰ বাবে বীজ গাঁও আঁচনিৰ অধীনত বৰপেটা জিলাত মুঠ ২০০০ কৃষকক বিনামূলীয়া এইছ ৱাই ভি ধানৰ বীজ বিতৰণৰ কাৰ্যসূচী কালি অনুষ্ঠিত হয়।

এই আঁচনিৰ অধীনত জিলাখনৰ ২০০০ কৃষকক ৰঞ্জিত চাব-১ আৰু স্বৰ্ণ চাব-১ জাতৰ সৰ্বমুঠ ১২০ কুইণ্টল বীজ বিতৰণৰ শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যে কালি অনুষ্ঠিত এখন সভাত জিলাখনৰ প্ৰতিজন কৃষকক ৬ কেজিকৈ এইছ ৱাই ভি ধানৰ বীজ বিতৰণ কৰা হয়।

বৰপেটা জিলা কৃষি বিষয়া ৰফিউল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অংশ গ্ৰহণ কৰি বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) বিপুল শইকীয়াই তেওঁৰ ভাষণত অসম বীজ নিগমৰ বৰপেটা শাখাই বিতৰণ কৰা বিনামূলীয়া ধানৰ খেতিত বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰৰ আঁচনি সফল কৰিবলৈ সভাত উপস্থিত থকা কৃষকসকলক আহ্বান জনায়।

এই সভাখনত কৃষি বিজ্ঞান কেন্দ্ৰ হাউলীৰ মুখ্য বিজ্ঞানী ডঃ অৰূপ কুমাৰ ডেকা, কৃষি বিশেষজ্ঞ পিংকুধৰ বৰ্মন, ৰাতুল দাসে উপস্থিত থাকি কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি বীজ ৰোপণ কৰি খেতি চপোৱালৈকে খেতিত সম্পূৰ্ণ মনোনিৱেশ কৰি খেতিৰপৰা আশানুৰূপ উৎপাদন পোৱাৰ ব্যৱস্থা কৰিবলৈ খেতিয়কসকলক আহ্বান জনায়।

সভাপতিৰ ভাষণত জিলা কৃষি বিষয়া ৰফিউল ইছলামে বীজ নিগম, বৰপেটা শাখাই বিতৰণ কৰা বিনামূলীয়া ধানৰ খেতিত বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰি কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ কৃষকসকলক আহ্বান জনাই অসম বীজ নিগমৰ বৰপেটা শাখাই বিনামূলীয়া ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগৰ ফালৰ পৰা শলাগ লয় জিলা কৃষি বিষয়াগৰাকীয়ে।

এই  সভাতে জিলাখনৰ ৪ জন কৃষকক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বীজ নিগম, বৰপেটা শাখাৰ দ্বাৰা এখন বিনামূলীয়া পুস্তিকা কৃষকসকলৰ মাজত বিতৰণ কৰা হয়।