‘অসম মাতৃৰ সন্তান’ মাৰি আনন্দিত হোৱা নাই, ভাস্কৰ কলিতাৰ পৰিয়াললৈ সমবেদনা জনাইছো : পৰেশ অসম

c-in-c of ulfa (i) paresh asom on police officer bhaskar kalita death

তিনিচুকীয়াৰ বৰদুমচাত কালি ৪ মে’ত আলফা (স্বাঃ) আৰু অসম আৰক্ষী-চি আৰ পি এফৰ মাজৰ সংঘৰ্ষত নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত শোক প্ৰকাশ কৰি আলফা (স্বাঃ) ( ULFA )ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে বিষয়াগৰাকীৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

বিষয়াজনৰ মৃত্যু প্ৰসংগত অসমৰ বিভিন্ন সংবাদ মাধ্যমক ফ’নযোগে আলফাৰ মুখ্য সেনাধ্যক্ষজনে কয় যে ‘অসমৰ সন্তানটো মাৰি আমি গৌৰৱ কৰা নাই বা আমি আনন্দিতও নহওঁ। নিজৰে এটা সন্তান।’

‘প্ৰথমতেটো আমাৰ ল’ৰাক সিহঁতি গুলী চলাইছে’ বুলি উল্লেখ কৰি তেওঁ কয় যে বাধ্যত পৰি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল।

‘আমি থানাত আক্ৰমণ কৰিবলে অহা নাইটো…হাবি কাষৰীয়া গাঁৱত আছো’ আৰু বিষয়াজনে বিষয়টো ‘এভইদ’ কৰিব পাৰিলেহেঁতেন বুলিও সেনাধ্যক্ষজনে মন্তব্য কৰে।

‘চি আৰ পি আহক, আহিবলে দে, লাগক, আমাৰ ক’ব লগা একো নাইটো’ বুলি মন্তব্য কৰি তেওঁ কয় ‘অসমৰ মাটিত জন্ম হৈছে। অসমৰ সংঘাত চলি আছে। এইবিলাক কথা অলপ বুজি পাব লাগে তেখেতসকলে। আমাৰ ল’ৰা হাবিয়ে হাবিয়ে ঘূৰিছে, থানালে অহা নাই নহয়। লগত কোব্ৰা কমাণ্ড’ লৈ আহিছে। ক’ব্ৰা কমাণ্ড’ লৈ আহি এইবিলাক কৰিব নালাগেটো। হাবিয়ে-জংঘলে, খাইছে নাখাইছে ল’ৰাবিলাক ঘূৰি ফুৰিছে। তাত সিহঁতে খেদি খেদি আহিছে।…লৈছে আমাৰ অসমীয়া অ’ চিজনে।’

আনহাতে আত্মৰক্ষামূলক কাৰণত নহ’লে অসম আৰক্ষীক আক্ৰমণ নকৰাৰ বাবে ৫ বছৰ আগতেই আলফাৰ সাধাৰণ সভাত সিদ্ধান্ত লোৱা বুলি সদৰী কৰি পৰেশ অসমে কয় যে ‘যোৱা ৬ টা বছৰে আমি অসম আৰক্ষীৰ ওপৰত কোনো ধৰণৰ আক্ৰমণেই কৰা নাই। যদিও আমাৰ সামৰ্থ্য আছে। কাৰণ আমি জানো আমাৰ নিজৰেই মানুহ, নিজৰেই ভাই-ককাই, নিজৰেই ভতিজা, অসমৰ সন্তান।’

‘নীতি’গতভাৱে অসম আৰক্ষীক আলফাই কেতিয়াও শত্ৰু বুলি ভবা নাই আৰু নাভাবে বুলি উল্লেখ কৰি সেনাধ্যক্ষজনে কয় যে ‘অসম আৰক্ষীক আক্ৰমণ কৰাৰ পৰিকল্পনা আমাৰ কেতিয়াও নাছিল। অসম আৰক্ষী আমাৰ শত্ৰু নহয়। অসম আৰক্ষীৰ যিমানবিলাক কৰ্মচাৰী বা বিষয়া আছে তেওঁলোক সকলোৱেইটো কম-বেছি পৰিমাণে অসম মাতৃৰ সন্তান। সকলোৱেই থলগিৰী মানুহ।’

উল্লেখযোগ্য যে ৪ মে’ৰ আবেলি ৪ মান বজাত অসম-অৰুণাচল সীমান্তৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ কুজুপথাৰ গাঁৱত ভাস্কৰ কলিতাৰ নেতৃত্বত যোৱা অসম আৰক্ষী আৰু চি আৰ পি এফৰ ক’ব্ৰা বেটেলিয়নৰ সংঘৰ্ষত তিনিগৰাকী আলফা (স্বাঃ)ৰ সদস্যৰ লগতে আৰক্ষী বিষয়া কলিতা নিহত হৈছিল। নিহত আলফা সদস্যকেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও নিহতসকলৰ এগৰাকীক আলফা সদস্য ‘জান অসম’ৰ পত্নী বুলি সন্দেহ কৰা হৈছে।

আনহাতে আলফা সদস্যসকলে আশ্ৰয় লৈ থকা কুজুপথাৰৰ ঘৰটোৰ মুৰব্বী ৰঞ্জন বৰা আৰু তেওঁৰ ৬ বছৰীয়া কন্যাগৰাকী সন্ধানহীন হৈ আছে।

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীয়ে এলেকাটোত আলফাবিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত আতংক বিয়পি পৰিছে।

আনহাতে আজি ৪ মে’ৰ পুৱাই সেনাবাহিনীয়ে আলফা সদস্য জান অসমৰ দুই ভাতৃ গণেশ বৰুৱা আৰু মালী বৰুৱাক তিনিচুকীয়াৰ ২নং কণাই পথাৰ নতুন গাঁৱৰ ঘৰৰ পৰা উঠাই লৈ যোৱা বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যোৱা ৩ মে’ত এক সংবাদমেলত ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰিছিল।