অসম-মিজোৰাম সীমান্তত চূড়ান্ত উত্তেজনা : অসম আৰক্ষীৰ গুলী-লাঠীত আহত মিজো ছাত্ৰ নেতা, মহিলা সাংবাদিক

ঘটনাথলীৰ ফাইল ফট’

বিবদমান অসম-মিজোৰাম সীমান্তৰ বাইৰাবি চহৰৰ ওচৰৰ জফাই খেতিপথাৰত আজি শনিবাৰে অসম আৰক্ষীৰ গুলীচালনাত মিজো ছাত্ৰ সংস্থাৰ দুজন নেতাৰ দেহত গুলী লগাৰ লগতে লাঠীচালনাত আহত হৈছে দুগৰাকীকৈ মিজো মহিলা সাংবাদিক

গুলী লগা মিজো ছাত্ৰ সংস্থাৰ সম্পাদক ৰিকি লালচান্দামা আৰু সদস্য পিচি ৰামদিনচাংগাক বৰ্তমান বাইৰাবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে লাঠীচালনাত আহত হৈছে মহিলা মিজো সাংবাদিক নিউজ ১৮ৰ এমি চি লবেই আৰু আকাশবাণীৰ সাংবাদিক কেথেৰিন চি চাংগি।

মিজো ছাত্ৰ সংস্থাই পথাৰখনত খেতিয়কসকলৰ বাবে নিৰ্মাণ কৰা এটা জিৰণি চ’ৰা যোৱা বৃহস্পতিবাৰে অসম আৰক্ষীয়ে ভাঙি দিয়াৰ পিছৰে পৰা ঠাইটুকুৰাত শিবিৰ পাতি থকা ছাত্ৰসকলে আজি আগবেলা পুনৰ চ’ৰাটো নিৰ্মাণৰ চেষ্টা কৰোঁতে হাইলাকান্দি জিলা আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠী আৰু গুলীচালনা কৰে।

‘জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণ নোহোৱালৈকে বা মিজোৰাম আৰু অসম চৰকাৰে বিষয়টো প্ৰশাসনীয় মেজলৈকে ননালৈকে আমি ঘৰলৈ নোভতো’ বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছিল মিজো ছাত্ৰ সংস্থাৰ নেতা এল ৰামদিনলিয়ানা ৰেন্থেলেই।

মিজো ছাত্ৰ নেতাজনে লগতে কৈছিল যে, ‘ঠাইডোখৰৰ বাবদ মিজোৰাম চৰকাৰক সম্পূৰ্ণ ভূমি ৰাজহ আৰু কৰ দি থকা হৈছে যিটোৱে প্ৰমাণ কৰে যে ই মিজোৰামৰ (অন্তৰ্গত)।’

মিজো ছাত্ৰ সংস্থাই দাবী কৰিছে যে মিজোৰামৰ প্ৰথম গৰাকী মুখ্য মন্ত্ৰী চ চুংগাৰ পত্নীয়ে ছাত্ৰ সংগঠনটোক উক্ত খেতি পথাৰখন দান কৰিছিল।

মিজো ছাত্ৰ সংস্থাই বিবদমান এলেকাটো মিজোৰামৰ বুলি দাবী কৰাৰ বিপৰীতে অসমৰ হাইলাকান্দি জিলাৰ উপায়ুক্ত আদিল খানে এই ভূমি অসমৰ বুলি দাবী কৰি ‘এক ইঞ্চি ভূমিও বেদখল কৰিবলৈ দিয়া নহ’ব’ বুলি কয়। হাইলাকান্দি জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্য্যন্ত অঞ্চলটোত আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ’ব।

অসম আৰক্ষীৰ গুলীচালনাৰ পিছত মিজো ছাত্ৰসকলে পথাৰখনত থকা শিবিৰ পৰিত্যাগ কৰিছে। কিন্তু ঠাইটুকুৰাত জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণৰ অংগীকাৰ কৰিছে মিজোৰামৰ সৰ্বোচ্চ ছাত্ৰ সংগঠনটোৱে।

আনহাতে ঘটনাটোৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত অ-মিজো ব্যৱসায়ীসকলে দোকান-পোহাৰ বন্ধ কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ১৯৯৪ চনটো সীমা বিবাদৰ ফলত দুয়ো ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ পৰ্য্যায় পাইছিলগৈ। সেইবাৰ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত এই বিবাদে সংঘৰ্ষৰ পৰ্য্যায় পোৱাৰ পৰা ৰক্ষা পৰে।

লক্ষণীয়ভাৱে অসম আৰু মিজোৰাম চৰকাৰৰ লগতে ভাৰত চৰকাৰেও সীমা বিবাদে এনে উত্তপ্ত ৰূপ লোৱাৰ পিছতো এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই।

অসম আৰু চুবুৰীয়া নাগালেণ্ড, মিজোৰামকে ধৰি ৰাজ্যসমূহৰ সীমা বিবাদে অঞ্চলটো চিৰদিনে সময়ে সময়ে উত্তপ্ত কৰি অহাৰ ফলত ৰাজ্যকেইখনৰ স্থানীয় লোকসকলেই ভুক্তভোগী হৈ আহিব লগা হৈছে।

এখন দেশ, এখন সংবিধান, এখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলা কিছুমান ৰাজ্যৰ এইধৰণৰ সীমা বিবাদ দীৰ্ঘদিন ধৰি চলি অহাটোৱে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটো জীয়াই ৰাখিব বিচৰাটোকে সূচাইছে বুলি উদ্বিগ্ন নাগৰিকে এন ই নাওৰ ওচৰত মত প্ৰকাশ কৰিছে।