NORTHEAST NOW (Assamese)

অসম-মিজোৰাম সীমান্তৰ অবৈধ নিৰ্মাণ পৰিদৰ্শন আৰম্ভ যৌথ সমিতিৰ

April 13, 2018 12:51 pm · এন ই নাও নিউজ

অসম আৰু মিজোৰামৰ বিষয়া তথা নাগৰিক সংগঠনৰ সদস্যৰে গঠিত যৌথ সমিতিয়ে বৃহস্পতিবাৰে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্তৰ ৬৪.৬ কিলোমিটাৰ অঞ্চলত অবৈধ নিৰ্মাণ চিনাক্তকৰণৰ বাবে পৰিদৰ্শন আৰম্ভ কৰিছে।

যোৱা মাৰ্চত সীমান্ত অঞ্চলত সংঘটিত হোৱা সীমা বিবাদৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উদ্যোগত যৌথ সমিতিখন গঠন কৰা হৈছিল।

উক্ত সমিতিখনত অসমৰ হাইলাকান্দি আৰু কাছাৰ জিলাৰ আৰু মিজোৰামৰ কলাসিব জিলাৰ বন বিভাগ, আৰক্ষী আৰু প্ৰশাসনীয় বিষয়া আৰু মিজোৰাম নাগৰিক সমাজৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হৈছে।

কাছাৰৰ মুখ্য বন সংৰক্ষক বিনয় গুপ্তা আৰু মিজোৰামৰ চেন্ট্ৰেল চাৰ্কোলৰ বন সংৰক্ষক লালথ্লামুৱানা পাচুৱাওৰ নেতৃত্বৰ সমিতিখনে যোৱা মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত সীমা বিবাদ সৃষ্টি হোৱা জ’ফাই (মিজোৰামত পৰিচিত) আৰু কৰচুলথাল (অসমত পৰিচিত) স্থানৰ পৰাই চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

জানিব পৰা মতে জ’ফাইৰ পৰা দলটোৱে অন্য স্থানলৈ যাব। জ’ফাইৰ পিছত সমিতিখনে অসমৰ লাইলাপুৰ অঞ্চলৰ নিৰ্মাণ পৰিদৰ্শন কৰি মিজোৰামৰ ভেইৰেংটে, ফাইচেন আৰু এইটলেঙলৈ যাব।

সমিতিখনৰ মতে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্ত জুৰি থকা ৫০৯ বৰ্গ কিলোমিটাৰ আন্ত:ৰাজ্যিক সংৰক্ষিত বনাঞ্চলতো অবৈধ নিৰ্মাণৰ চিনাক্তকৰণৰ কাম তেওঁলোকে সম্পন্ন কৰিব।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত জ’ফাইত যোৱা ২৮ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত যৌথ সমিতিক পৰিদৰ্শনৰ দায়িত্ব অৰ্পন কৰা হৈছিল। সমিতিখনক অহা ৩০ এপ্ৰিলৰ ভিতৰত পৰিদৰ্শনৰ কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related News