অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়লৈ পত্ৰ মেঘালয়ৰ সংগঠনৰ

অসম–মেঘালয় আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ লগতে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এটি সৰ্বসন্মত নীতি প্ৰস্তুত কৰাৰ আহ্বান জনাই দেওবাৰে মেঘালয়ৰ আচিক ইণ্ডিজেনাছ জাষ্টিছ ফ’ৰাম (এ আই জে আই এফ) এ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত সংগঠনটোৱে লিখিছে যে মেঘালয় আৰু অসমৰ মাজত থকা সীমা বিবাদ এটা দীৰ্ঘদিনীয়া সমস্যা আৰু এই বিষয়টোৱে মেঘালয়ৰ ৰাজনৈতিক পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি আহিছে আৰু অসম আৰু মেঘালয়ৰ প্ৰতিখন চৰকাৰে সীমা সমস্যাটো সমাধান কৰাত ব্যৰ্থ হৈ আহিছে।

সংগঠনটোৰ পত্ৰখনত কোৱা হৈছে যে অসম আৰু মেঘালয়ৰ সীমা সমস্যাটো দীৰ্ঘদিন ধৰি সমাধান নোহোৱাৰ বাবে দুয়োখন ৰাজ্যৰে সীমান্ত অঞ্চলত বাস কৰা লোকসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে আৰু সংশ্লিষ্ট দুয়োখন ৰাজ্যৰে চৰকাৰী আঁচনিসমূহৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে। তদুপৰি তেওঁলোকৰ মাটিসমূহো বিবাদিত অঞ্চল হিচাপে বিবেচিত হৈ আহিছে।

তেওঁলোকে এই সীমা সমস্যাটোৰ আশু সমাধান বিচাৰি পৰামৰ্শ আগবঢ়াইছে যে আন্ত:ৰাজ্যিক সীমাত সংঘাত প্ৰতিৰোধ কৰাৰ লগতে সীমান্তৰ সুৰক্ষা তথা সীমান্ত ব্যৱস্থপনাৰ লগতে বেদখলো ৰোধ কৰিব লাগে।

সংগঠনটোৱে দুয়োখন ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বিষয়টোৰ ক্ষেত্ৰত এটা সমাধানৰ পথ নিৰ্ণয় কৰি সীমান্ত অঞ্চলৰ গাওঁবাসীৰ মনত প্ৰত্যয় সৃষ্টি কৰিব লাগে। তেওঁলোকে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সীমান্ত অঞ্চলৰ বিবাদ মীমাংসা হোৱাটো প্ৰয়োজনীয় বুলি পত্ৰখনত উল্লেখ কৰিছে।