অসম সদৃশ এনআৰচিৰ পোষকতা ত্ৰিপুৰাৰ বিধায়ক বিজয় কুমাৰ ৰাংখোৱালৰ

vlcsnap-2018-08-03-23h37m18s140

উগ্ৰপন্থা ত্যাগ কৰি নিজকে এগৰাকী সফল ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠিত কৰা ত্ৰিপুৰা বিধানসভাৰ বিধায়ক বিজয় কুমাৰ ৰাংখোৱালে ত্ৰিপুৰাৰ দৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশিত কৰাৰ পোষকতা কৰিছে।  থলুৱা লোকসকলক সংখ্যালঘুলৈ পৰ্যৱসিত কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বিতাড়িত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি কৈছে ত্বিপ্ৰা খিলঞ্জীয়া জাতীয়তাবাদী দলৰ (Indigenous Nationalist Party of Twipra)সভাপতি বিজয় কুমাৰ ৰাংখোৱালে।

তেওঁৰ দাবীৰ সমৰ্থনত বিজয় কুমাৰ ৰাংখোৱালে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অবৈধ নাগৰিকক চিনাক্ত কৰাৰ এটা সাংবিধানিক প্ৰক্ৰিয়া। ইয়াত অন্তৰ্ভুক্ত সকলে সংবিধান প্ৰদত্ত সকলো অধিকাৰ আৰু নিৰাপত্তাৰ লগতে চৰকাৰী আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিব পাৰে।

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশিত হোৱাৰ পাছত বিভিন্ন লোকে তেওঁলোকৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশিত কৰাৰ দাবী তুলিছে।

বিজয় কুমাৰ ৰাংখোৱালে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জিয়ে নামনি অসমৰ বিষয়ত হস্তক্ষেপ কৰাটোক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিছে।

বিজয় কুমাৰ ৰাংখোৱালে বিছাৰে যে বাংলাদেশ আৰু ৰাষ্ট্ৰসংঘৰ সৈতে আলোচনাৰ জৰিয়তে  ত্ৰিপুৰাত অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাসমূহ বাছি উলিয়াব লাগে।

উল্লেখ্য যে বালাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী বাঙালী সংখ্যাধিক সম‌্প্ৰদায়ক বিতাড়িত কৰাৰ বাবে ত্ৰিপুৰা জাতীয় স্বেচ্ছাসেৱক (Tripura National Volunteers) নামৰ সংগঠনটোৰ মুৰব্বী হিচাপে ১৯৭৮ ৰ পৰা ১৯৮৮ চনলৈ প্ৰায় ১০ বছৰ ধৰি বিজয় কুমাৰ ৰাংখোৱালে এক ভয়াবহ গেৰিলা সংগ্ৰাম চলাই আহিছিল। সেই সময়চোৱাত ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত গোষ্ঠী সংহাৰ অভিযান চলোৱাৰ বাবে ত্ৰিপুৰা জাতীয় স্বেচ্ছাসেৱক সংগঠনটো কুখ্যাত হৈ পৰিছিল।

১৯৮৩ চনত ৰাংখোৱালে  ত্ৰিপুৰা জাতীয় স্বেচ্ছাসেৱক সংগঠনৰ ৰাজনৈতিক উচ্চাকাংখ্যাৰ কথা তদনিন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত পত্ৰযোগে ব্যক্ত কৰিছিল আৰু ১৯৮৮ চনত এখন শান্তি চুক্তিত স্বাক্ষৰৰ জৰিয়তে ত্ৰিপুৰা জাতীয় স্বেচ্ছাসেৱক সংগঠনক ত্বিপ্ৰা খিলঞ্জীয়া জাতীয়তাবাদী দল নাম দি  এটা ৰাজনৈতিক দললৈ ৰূপান্তৰিত কৰা হৈছিল।