বৰডুমচাৰ অধিৱেশনত সাহিত্যপ্ৰেমীৰ সেৰেঙা উপস্থিতি সভা গণবিচ্ছিন্ন হোৱাৰ ইংগিত?

SahityaSabha

অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য।

অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশত সাহিত্যপ্ৰেমীৰ সেৰেঙা উপস্থিতিয়ে চিন্তিত কৰিছে সচেতন ৰাইজ তথা এসময়ত অসমীয়া মানুহৰ হিয়াৰ আমঠুস্বৰূপ অনুষ্ঠানটোৰ অনুৰাগীসকলক। সভাৰ অতীতৰ প্ৰতিখন পূৰ্ণাংগ অধিৱেশন দলদোপ-হেন্দোলদোপ হোৱাৰ পৰিৱৰ্তে এইবাৰ বৰডুমচা অধিৱেশনত দেখা গৈছে তাৰ বিপৰীত ছবি। চাৰিওফালে বিৰাজ কৰিছে উকা উকা পৰিৱেশে। দুখনকৈ ৰাজ্যৰ সীমাত অনুষ্ঠিত হোৱাক চাই এইবাৰ দুয়োখন ৰাজ্যৰ সাহিত্যপ্ৰেমী তথা সভাৰ প্ৰতি আগ্ৰহী লোকৰ উপস্থিতি আশা কৰা হৈছিল সি একেবাৰে নহ’ল।

আনহাতে সাহিত্য সভালৈ যোৱা কিছুসংখ্যক প্ৰতিনিধিয়ে অভিযোগ কৰিছে যে তেওঁলোকক উপযুক্ত নিম্নতম সা-সুবিধা প্ৰদান কৰা হোৱা নাই। নাই খোৱা-বোৱাৰ সুশৃংখল ব্যৱস্থা, নাই বহাৰ পৰ্য্যাপ্ত আসন। সংবাদকৰ্মীসকলৰ বাবেও নাই কোনো প্ৰয়োজনীয় সা-সুবিধা। এনে চূড়ান্ত অব্যৱস্থাই উপস্থিতসকলৰ প্ৰায়সকলকে হতাশ কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ইয়াৰ লগতে যিটো কথাই সচেনত ৰাইজক আটাইতকৈ বেছি উদ্বিগ্ন কৰি তুলিছে সেইটো হ’ল সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণৰ গ্ৰাফডালত নিম্নচাম প্ৰকট হোৱাটো। বহুতে মন্তব্য কৰিছে যে এই পৰিৱৰ্তনক সাহিত্য সভাত দীৰ্ঘদিন চলি অহা অসাহিত্যিক তথা অনুপযুক্ত লোকৰ দপদপনিৰ প্ৰতি মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ বুলি গণ্য কৰিব পাৰি। বহুতে অসম সাহিত্য সভা গণবিচ্ছিন্ন হোৱাৰ এয়া আৰম্ভণি বুলিও মত দিছে।

আন এটা মতৰ মতে অতি পিছপৰা ঠাইত পতা বাবে তথা চৌপাশৰ মানুহৰ সাহিত্যৰ সৈতে একো সম্পৰ্ক নথকা বাবে অঞ্চলবাসীৰ সঁহাৰি তেনেই কম।

আনহাতে ব্যৱস্থাপনাৰ দিশটোত আয়োজকৰ গাফিলতিৰ বাবেও বহুতে মুকলি অসন্তুষ্টি ব্যক্ত কৰিছে। ছ’চিয়েল মিডিয়াতো এই বিষয়টো ব্যপক চৰ্চা হৈছে। মূল আদৰণি সমিতি তথা বিভিন্ন উপসমিতিৰ পৰা অৰ্থৰ নাটনিৰ দিশটোক অজুহাত হিচাপে দেখুওৱা হৈছে যদিও এয়া কিমান দূৰ মানি ল’ব পাৰি? দুখনকৈ ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে নিজ মুখে সম্ভৱপৰ সকলো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অধিৱেশনখনৰ বাবে নিম্নতম প্ৰয়োজনীয় অৰ্থৰ নাটনি কেনেকৈ হৈছে? আৰু যদি চৰকাৰৰ পৰা কোনো অৰ্থ সাহায্য পোৱা নাই সেয়া অসম সাহিত্য সভাৰ পৰা ৰাইজৰ জ্ঞাতাৰ্থ স্পষ্ট কৰা উচিত।

প্ৰতিখন বিপণিৰ পৰা ৫ হাজাৰকৈ টকা লোৱাৰ পিছতো গ্ৰন্থমেলাৰ মূল তোৰণৰ পুতৌজনক অৱস্থা।

অধিৱেশনস্থলীৰ গ্ৰন্থমেলাৰ মূল তোৰণখন দেখিলে এনেকুৱা লাগে যে গাওঁৰ তেনেই সাধাৰণভাৱে পতা এখন বিয়াৰ তোৰণখনো ইয়াতকৈও উন্নতহে হয়। গ্ৰন্থমেলাত ভাগ লোৱা গ্ৰন্থবিক্ৰেতাই প্ৰশ্ন কৰিছে যে প্ৰতিখন বিপণিৰ পৰা ৫ হাজাৰ টকাকৈ লোৱাৰ পিছতো ২-৩ হাজাৰ টকা খৰচ কৰি তোৰণখন ভালকৈ দিবলৈ শক্তি নহ’ল নে উপসমিতিৰ? আনহাতে গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰত টিকটৰো ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতো নিম্নতম সা-সুবিধা যোগান ধৰা নাই গ্ৰন্থমেলা উপসমিতিখনে। কালি গধূলিৰ সময়ত বিদ্যুৎ সংযোগো পোৱা নাছিল বিপণিবোৰে। পিছত স্থানীয় বিধায়ক আহি হস্তক্ষেপ কৰাত পৰিস্থিতি কিছু উন্নত হয়। বিধায়কে প্ৰৱেশদ্বাৰৰ টিকট লগোৱা উঠাই দিয়ে। লগতে তেওঁ বিপণিবিলাকত খোপাপানীৰ যোগানৰ ব্যৱস্থা কৰে।