৩৪ নং অসম ৰাইফলচৰ সেনাপতি বিগ্ৰেডৰ উদ্যোগত বৃহস্পতিবাৰে মণিপুৰৰ টাফ নাগা গাঁৱত এখন প্ৰাক বৰদিন মেলাৰ আয়েজন কৰে। অঞ্চলটোত এই ধৰণৰ এইখনেই প্ৰথম মেলা। সেনাপতি বিগ্ৰেডৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি স্থানীয় লোক সকলক প্ৰাক বৰদিন উদযাপন আৰু এই উপলক্ষে মনেৰঞ্জন দিয়াৰ উদ্দেশ্যে উক্ত মেলাৰ আয়োজন কৰা হৈছে। সেনাপতি বিগ্ৰেডৰ কমাণ্ডাৰ বিগ্ৰেডিয়াৰ দিপাংকৰ শ্বাহাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত ৫৭ নং মাউণ্টেইন ডিভিজনৰ অতিৰিক্ত জেনেৰেল অফিচাৰ কামাণ্ডিক ইনচিফ (GOC) এছ কে এছ চৌহান উপস্থিত থাকে। আকাশলৈ বেলুন উৰুৱাই আনুষ্ঠানিকভাৱে মেলাখন উদ্বোধন কৰি কামাণ্ডাৰ দিপাংকৰ শ্বাহাই বৰদিনৰ বতৰত সকলোকে শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে আহ্বান জনায়। মেলাখনত সেনা তথা সাধাৰণ লোকসকলে মিলি খাদ্য তথা খেলা-ধুলা আদিৰ বিভিন্ন ষ্টল বহুৱাই। ইয়াৰ উপৰি অনুষ্ঠানটোত ৩৮ নং অসম ৰাইফলচৰ দ্বাৰা পাইপ বেণ্ড প্ৰদৰ্শন, টাফ নাগাৰ দ্বাৰা পৰম্পৰাগত নগা নৃত্য, ১৪ নং শিখ ৰেজিমেণ্টৰ দ্বাৰা ভাংৰা আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
অসম ৰাইফলচৰ দ্বাৰা প্ৰাক বৰদিন উদযাপন
-
By NE NOW NEWS
- Categories: মণিপুৰ
Related Content
বিশাল জোৰ সমদল, মণিপুৰী মহিলাৰ ৰাজপথ দখল; বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদত উত্তাল ৰাজ্য
By
এন ই নাও নিউজ
September 10, 2024 9:46 am
পুনৰ উত্তপ্ত মণিপুৰ! উগ্ৰপন্থীৰ ঘাটি ধ্বংস কৰাত ব্যস্ত আৰক্ষী তথা কেন্দ্ৰীয় বাহিনী; দুইপক্ষৰ সংঘৰ্ষত ৫জনৰ মৃত্যু
By
এন ই নাও নিউজ
September 7, 2024 1:21 pm
পুনৰ অশান্ত মণিপুৰ! কুকি গাওঁৰক্ষী আৰু উগ্ৰপন্থীৰ মাজৰ সংঘৰ্ষত নিহত চাৰিজন
By
এন ই নাও নিউজ
August 10, 2024 11:43 am
চিন্তনীয়! মণিপুৰত ধৰা পৰা ১০ হাজাৰৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনা নাগৰিক
By
এন ই নাও নিউজ
August 3, 2024 6:39 pm
মৰ্মান্তিক! মণিপুৰত চৰম পন্থা বাছি ল’লে অসমৰ CISFৰ সহকাৰী উপ-পৰিদৰ্শকৰ
By
এন ই নাও নিউজ
August 3, 2024 6:22 pm
মণিপুৰ সংকটঃ জিৰিবামত শান্তি ঘূৰাই অনাৰ বাবে মেইটেই আৰু হমাৰ গোটৰ চুক্তি স্বাক্ষৰ
By
এন ই নাও নিউজ
August 2, 2024 3:57 pm