অসম ৰাজ্যিক পৰিবহণ নিগমৰ লিখিত পৰীক্ষাৰ দিন সলনি

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইটামান গুৰুত্বপূৰ্ণ পদৰ বাবে অহা ১১ ফেব্ৰুৱাৰিত হ’ব লগীয়া লিখিত পৰীক্ষাৰ দিন সলনি কৰা হৈছে।

পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগত আলোচনা কৰাৰ অন্তত এই পৰীক্ষা স্থগিতা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতে আনন্দ প্ৰকাশ তিৱাৰীয়ে পৰীক্ষাৰ দিন সলনি কৰাৰ লগতে পৰীক্ষাৰ দিন কম সময়ৰ ভিতৰত জনোৱা হ’ব বুলি ফেচবুক একাউণ্টযোগে ব্যক্ত কৰে।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি জনতা ভৱনৰ কম্পিউটাৰ অপাৰেটৰ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইটামান গুৰুত্বপূৰ্ণ পদৰ বাবে অহা ১১ ফেব্ৰুৱাৰীৰ দিনৰ ১১ বজাত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়াজনৰ এই ঘোষণাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলক শ্বস্তিৰ নিশ্বাস পেলোৱাত সহায় কৰিছে।