অসম  ৰাজ্যিক পৰিবহণ নিগমৰ পৰীক্ষা : পেন্সিলৰ ব্যৱহাৰ নিষিদ্ধ

astc

অসম ৰাজ্যিক পৰিবহণ নিগমত খালী হৈ থকা এল ডি, ইউ ডি, এ পি অ’কে ধৰি মুঠ ৬টা বিভাগৰ পদ সমূহৰ বাবে আজি অনুষ্ঠিত হৈছে বাছনি পৰীক্ষা। পূৰ্বে ১১ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। ফলত পৰীক্ষাৰ্থীসকলে কিছুমান কথাত বিভ্ৰান্তিত পৰা দেখা গৈছে।

যদিও নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে আগতীয়াকৈ ইয়াৰ সালসলনিবোৰ সম্পৰ্কত স্পষ্টীকৰণ দিছে, পৰীক্ষাৰ্থীসকলৰ মনত এতিয়াও কিছুমান খু-দুৱনি ৰৈ গৈছে। বিশেষকৈ পৰীক্ষাৰ স্থানৰ কিছু সালসলনিয়ে অসুবিধাৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।

পৰিবহণ  নিগমৰ পৰিচালন সঞ্চালকে দিয়া স্পষ্টীকৰণ মতে পূৰ্বৰ এডমিট কাৰ্ডখনেৰেই পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব পাৰিব।

আনহাতে যিসকলৰ পৰীক্ষা কেন্দ্ৰ গুৱাহাটী কৰ্মাচ কলেজ আৰু চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত আছিল, সেইসকল এতিয়া কে চি দাস কৰ্মাচ কলেজত পৰীক্ষা দিব লাগিব বুলি জনাইছে।

তাৰোপৰি এই পৰীক্ষাত পেন্সিল ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীসকলে।  তাৰ বিপৰীতে ক’লা চিয়াহী বা নীলা চিয়াহী ব্যৱহাৰ কৰিব পাৰিব।

পৰীক্ষাত মুঠ ১৫০টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব পৰীক্ষাৰ্থীয়ে। প্ৰশ্নৰ ভুল উত্তৰৰ বাবে নম্বৰ কটাৰ ব্যৱস্থা থাকিব। পৰীক্ষাৰ বহী অ’ এম আৰ (অপ্টিকেল মাৰ্ক ৰিকগনিশ্যন) পদ্ধতিৰে মূল্যায়ন হ’ব।

নিগমৰ সূত্ৰই জনোৱা মতে ৬টা বিভাগৰ ১২০টা পদৰ বাবে মুঠ ২৩ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰিছে। আনহাতে পূৰ্বতে ১১ ফেব্ৰুৱাৰিত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অসম সচিবালয়ৰ পৰীক্ষা একে তাৰিখত পৰা বাবে এই পৰীক্ষাটো পিছুৱাই দিয়া হৈছিল বুলি কৰ্তৃপক্ষটোৱে জানিবলৈ দিয়ে।

আনহাতে,  পৰীক্ষাৰ্থীসকলৰ কিবা অসুবিধা থাকিলে ১৮০০-৩৪৫-৩৯৮৬, ৯৮৫৪০-০৬০০২, ৯৮৫৪০-০৬০০৪ আৰু ৯৮৫৪০-০৬০০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকগৰাকীয়ে।