NORTHEAST NOW (Assamese)

অস্বাস্থ্যকৰ পানীত শিশুক সাঁতোৰাই অহা ‘এক’লেণ্ড পাৰ্ক’ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে প্ৰশাসনে

July 24, 2018 6:39 pm · এন ই নাও নিউজ
Updated: July 24, 2018 7:12 pm
এক'লেণ্ড পাৰ্ক

শিশুৰ মনোৰঞ্জনস্থলী হিচাপে বিখ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীস্থিত এক’লেণ্ড পাৰ্ক আজি পৰা অনিৰ্দিষ্ট কাললৈকে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰি দিছে।

প্ৰশাসনৰ পৰা দিয়া নিৰ্দেশৰ প্ৰতিলিপি

এক’লেণ্ডত উপলব্ধ সকলো সা-সুবিধাৰ সু ব্যৱস্থা তথা স্বাস্থ্য সন্মত নোহোৱালৈকে এক’লেণ্ড পাৰ্ক বন্ধ থাকিব বুলি প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। কিছু দিনৰ আগতে কামৰূপ প্রশাসনে এক’লেণ্ড পাৰ্কত চলোৱা এক অভিযানৰ সময়ত সংগৃহীত পানীৰ নমুনাৰ পৰা এই পানী ব্যৱহাৰৰ বাবে উপযুক্ত নহয় বুলি বৰ্তমান প্ৰমাণিত হৈছে।

উল্লেখযোগ্য যে এক’লেণ্ডৰ পানী আৰু অন্যান্য সা-সুবিধা সমূহক লৈ বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল। আনকি এই সম্পৰ্কত ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলিছিল।

ফলত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত ২১ জুলাইত এক’লেণ্ড পাৰ্কত এক অভিযান চলিছিল। আৰু অভিযানৰ সময়তে পাৰ্কখনত বহু আসোঁৱাহ থকাৰ কথা পোহৰলৈ আহিছিল।

 

Related News