NORTHEAST NOW (Assamese)

অহা বছৰৰ পৰা অসমত প্ৰত্যাহ্বান আঁচনি : হিমন্ত

November 21, 2017 11:29 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

ব্যক্তিগত স্কুলক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰিব এক পদক্ষেপ। এই ঘোষণা কৰিছে স্বয়ং শিক্ষামন্ত্ৰীয়ে নিজে। আঁচনিখনৰ অধীনত মুঠ তিনি হাজাৰ বিদ্যালয়ক সামৰি লোৱা হ’ব বুলিও মন্তৱ্য প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই আঁচনিৰ কাম-কাজ। এই আঁচনিৰ সৈতে প্ৰত্যেকখন পঞ্চায়তকে সামৰি লোৱা হ’ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। তদুপৰি A গ্ৰেড প্ৰাপ্ত বিদ্যালয় সমূহক এই আঁচনিৰ মাজত অন্তৰ্ভুক্ত কৰা হ’ব। এই আঁচনিয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ উপৰি এই আঁচনিৰ জৰিয়তে কম শিক্ষাৰ্থী থকা বিদ্যালয় সমূহক একত্ৰিত কৰা হ’ব বুলিও মন্তৱ্য প্ৰকাশ কৰে মন্ত্ৰীজনে। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত চলি থকা অনিয়মবোৰ কঠোৰ হাতেৰে দমন কৰা হ’ব এই আঁচনিৰ জৰিয়তে। আঁচনিখন সন্দৰ্ভত ক’বলৈ গৈ  শিক্ষক সকল কেৱল শিক্ষকতাৰ লগতে জড়িত থাকিব লাগিব বুলিও সকিয়নি প্ৰদান কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related News