অহা মাৰ্চত ছিকিমত অনুষ্ঠিত হ’ব ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক সাংস্কৃতিক মহোৎসৱ

sikkim-festival-570x320

অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ছিকিমত কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই  ‘ভাৰতৰ উৎসৱ’ শীৰ্ষক এখন তিনিদিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম মহোৎসৱ-‘ভাৰতৰ উৎসৱ’টো ছিকিমত অনুষ্ঠিত কৰাৰ বাবে ছিকিমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে।

সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে কলকাতাস্থিত পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ অন্তৱৰ্তীকালীন সঞ্চালক জিতুল সোণোৱাল, প্ৰগ্ৰেম অ’ফিচাৰ অভিজিৎ চেটাৰ্জী আৰু ছিকিম কলাকাৰ সংঘৰ সভাপতি চুন্নীলাল ঘিমিৰেই।

জিতুল সোণোৱাল নাগালেণ্ডত থকা উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰো সঞ্চালক।

ছিকিম পূব মণ্ডল আৰু উত্তৰ-পূব মণ্ডল দুয়োটা সাংস্কৃতিক কেন্দ্ৰৰ অধীনতে পৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ দুয়োটা সংস্থাই ভাৰতত বাস কৰা জনগোষ্ঠীসমূহৰ লগতে বিভিন্ন লোক সংস্কৃতি সংৰক্ষণ কৰা আৰু বিকাশৰ বাবে দায়বদ্ধ।

ছিকিমৰ সকলো জনগোষ্ঠীৰে লোক গীত আৰু নৃত্য আগন্তুক ‘ভাৰতৰ উৎসৱ’ অনুষ্ঠানত প্ৰদৰ্শিত হ’ব।

একেদৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলে উৎসৱটোত অংশগ্ৰহণ কৰি তেওঁলোকৰ স্বকীয় সাংস্কৃতিক তথা পৰম্পৰাৰ প্ৰদৰ্শন দাঙি ধৰিব।

উৎসৱটোৰ আয়োজকসকলে লগতে সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ ব্যৱহাৰ কৰি শিল্পীসকলে প্ৰদৰ্শন আগবঢ়োৱাৰ ওপৰতগুৰুত্ব আৰোপ কৰিছে।

আয়োজকসকলৰ মুখপাত্ৰ কেইগৰাকীয়ে ঘোষণা কৰে যে লোক-সাংস্কৃতিক কাৰ্যকলাপসমূহৰ স্থায়িত্ব সুদৃঢ় কৰাৰ মানসেৰে তেওঁলোকে বিভিন্ন সাংস্কৃতিক বিনিময় কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰিব।