অহা ৫ আগষ্টত গুৱাহাটীত ‘অসম অনুসূচিত জাতিপ্ৰাণ’ বঁটা প্ৰদান অনুষ্ঠান

নৱ প্ৰভাত যুৱ উন্নয়ন তথা সমাজ কল্যাণ সমিতি আৰু নৱ-প্ৰভাত ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NPIFT)ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে অহা ৫ আগষ্ট দেওবাৰে বিয়লি ২ বজাত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ‘All Assam Traditional Mega Fashion Show 2018-19 (Divine Traditional Queen of Assam 2018 Miss & Mrs)’ আৰু অসম অনুসূচিত জাতিপ্ৰাণ বঁটা প্ৰদান তথা উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

শনিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি অনুষ্ঠানটোৰ সন্দৰ্ভত কিছু কথা অৱগত কৰে অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা প্ৰবীণ বৈশ্যই।

তেওঁ কয় ‘বিগত ৩ বছৰ নিজস্ব এক সুকীয়া উপস্থাপনেৰে নৱ-প্ৰজন্মৰ বহুতো প্ৰতিভা NPIFTৰ মঞ্চৰ পৰা সংস্থাপিত কৰি আহিছে আৰু এইবেলি সেই উদ্দেশ্য আগত ৰাখিয়েই সৌন্দৰ্য্য আৰু প্ৰতিভা দুয়োটাৰ সমাহাৰেৰে ‘ALL Assam Traditional Mega Fashion Show 2018-19 (Divine Traditional Queen of Assam 2018 Miss & Mrs)’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।‘

তদুপৰি এই অনুষ্ঠানটি Divine Traditional Queen of Assam 2018 Miss আৰু Divine Traditional Queen of Assam 2018 Mrs এই দুটা ভাগত ভাগ কৰা হৈছে আৰু Introductory Round, Talent Round  আৰু Final (Designer) এই তিনিটা ৰাউণ্ডত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উক্ত সংবাদমেলত উদ্যোক্তা প্ৰবীণ বৈশ্যই জনায়।

আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখিয়েই NPIFT আৰু নৱপ্ৰভাত যুৱ উন্নয়ন তথা সমাজ কল্যাণ সমিতিয়ে বিগত ১০ বছৰে প্ৰদান কৰি অহা অসম অনুসূচিত জাতিপ্ৰাণ বঁটা ২০১৮ এই বৰ্ষতো সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা লোকলৈ আগবঢ়াব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

তেওঁ কয় ‘এই বৰ্ষত ‘অসম অনুসূচিত জাতিপ্ৰাণ বঁটা ২০১৮ আগবঢ়োৱা হ’ব বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতীক। লগতে অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ২০১৮ প্ৰদান কৰা হ’ব জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া তথা যুৱ সাহিত্যিক ‘আমাৰ অসম’ কাকতৰ সহঃ সম্পাদক যুগল লোচন দাস আৰু ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংস্কৃতিক সংবাদদাতা দ্বিজেন দাসক।’

উল্লেখ্য যে ২০১০ চনৰ পৰা প্ৰদান কৰা অনুসূচিত জাতিপ্ৰাণ বঁটাৰ প্ৰথম বঁটাপ্ৰাপক আছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকা। ২০১৫ চনত এই বঁটাটি মৰণোত্তৰভাৱে অভিনেতা প্ৰয়াত ইন্দ্ৰ বণিয়াক প্ৰদান কৰা হৈছিল বুলি প্ৰবীণ বৈশ্যই সংবাদমেলত জানিবলৈ দিয়ে।

আনহাতে ২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে ‘এন্ধাৰৰ পৰা পোহৰলৈ’ নামকৰণেৰে এক ব্যতিক্ৰমী সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক সভাপতি/সম্পাদক, নৱ প্ৰভাত স্বেচ্ছাসেৱী সংগঠন, মাৰফৎ পোষ্ট মাষ্টৰ, বামুণীমৈদাম পোষ্ট অফিচ, গুৱাহাটী-২১ত নথি-পত্ৰসমূহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সবিশেষ জানিবলৈ ফোন নং ৮৮২২৬৪৮০৮৮, ৭০০২০৯৭৫০৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে মুখ্য উদ্যোক্তা প্ৰবীণ বৈশ্যই উক্ত সংবাদমেলৰ জৰিয়তে অনুৰোধ জনায়।