অহা ৬ ফেব্ৰুৱাৰিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব। ৰাজ্যপাল জগদীশ মুখীয়ে এই অধিৱেশন আহ্বান কৰি অধিসূচনা জাৰি কৰিছে। অধিৱেশনৰ প্ৰথম দিনটোত ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব।

অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ৭ ফেব্ৰুৱাৰিত পৰৱৰ্তী ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে বুলি বিধানসভা সচিবালয়ৰ এক সূত্ৰই জনাইছে। প্ৰায় এমাহ ধৰি বাজেট অধিৱেশন চলাৰ সম্ভাৱনাও ব্যক্ত কৰিছে সূত্ৰটোৱে।

অতি সোনকালেই বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত বাজেট অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। এইবাৰ বাজেট অধিৱেশনৰ সময়ত সদনত বিভিন্ন বিষয়ক লৈ শাসক-বিৰোধী সদস্যসকলে প্ৰশ্ন উত্থাপন কৰাৰ সম্ভাৱনা আছে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বাজেটত চৰকাৰে গ্ৰাম্যাঞ্চলৰ বাবে বিশেষ আঁচনি ঘোষণা কৰাৰো সম্ভাৱনা আছে। তদুপৰি, শাসক-বিৰোধী বহু সদস্যই বিগত দিনত সমষ্টি উন্নয়নৰ বাবে বিত্ত বিভাগে ধন মোকলাই নিদিয়াৰ অভিযোগ সম্পৰ্কতো সদনত আলোচনাৰ থল আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নকৰাৰ বাবে বিৰোধী পক্ষই সমালোচনা কৰাৰ পিছত চৰকাৰে অহা ফেব্ৰুৱাৰিত বাজেট অধিৱেশন পাতিবলৈ লোৱা বিষয়টোৱে শীতকালীন অধিৱেশনৰ সম্ভাৱনা সম্পূৰ্ণ নস্যাৎ কৰিলে।