অহা ৯ আগষ্টৰ পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ঘোষণা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ

rail blocade

প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ৯ আগষ্টৰ পৰা ডিমা হাচাও জিলাত পুনৰ অনিৰ্দিষ্ট কালৰ কাৰণে গঢ়ি তোলা হ’ব ৰে’ল অৱৰোধ কাৰ্যসূচী। এই হুংকাৰ প্ৰদান কৰিছে ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফে।

উল্লেখ্য যে এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰে’লপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া জিলাখনৰ ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত বিভাগটোৱে অনীহা প্ৰদৰ্শন কৰি অহাত ক্ষুণ্ণ হৈয়ে পুনৰ আইএছএফে উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে সংগঠনটোৱে ৰে’ল অৱৰোধ কাৰ্যসূচীৰ লগতে ৯ আগষ্টৰ গুৱাহাটীৰ মালিগাঁওস্থিত এন এফ ৰে’লৱেৰ কাৰ্যালয়ৰ সন্মুখতো অনশন ধৰ্মঘটত বহিব বুলি জনায়।

সংগঠনটোৰ নেতৃবৃন্দই লগতে কয় যে যোৱা ২ মে’ত ৰাজ্য চৰকাৰ আৰু ৰে’ল কৰ্তৃপক্ষই তেওঁলোকৰ দাবী সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত কৰিছিল। ৰাজ্য চৰকাৰে সভাত দুমাহৰ ভিতৰত অৰ্থাৎ ২ জুলাইৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু প্ৰতিশ্ৰুতি দিও আজিলৈ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে এন এফ ৰে’লৱেই।

উল্লেখ্য যে, ব্ৰডগজ ৰে’লপথ নিৰ্মাণৰ  সময়ত পাহাৰীয়া জিলাখনৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলক দিবলৈ বাকী থকা ক্ষতিপূৰণ ৪ কোটি ৫৮ লাখ টকা এতিয়াও আদায় দিয়া হোৱা নাই।

ইয়াৰ পৰিপ্ৰেক্ষিতত এন চি হিলছ্‌ ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ সভাপতি ডেভিদ কেইভামে কয় যে ৰে’ল বিভাগৰ এই গাফিলতিৰ বাবেই  সংগঠনটোৱে বাধ্য হৈ অহা ৯ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে।

মন কৰিবলগীয়া বিষয় যে ৰাজ্য চৰকাৰ আৰু এন এফ ৰে’লৱে বিভাগৰ গাফিলতিৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব বৰাক উপত্যকা, ত্ৰিপুৰা, ডিমা হাছাও, মণিপুৰ আৰু মিজোৰামৰ ৰে’ল যাত্ৰীসকল।