অৰণাচলৰ আশ্ৰয় গৃহত থকা শিশুক গটালে গুৱাহাটীৰ ৰে’লৱে চাইল্ডলাইনক

page_1_thumb_large

অৰুণাচল প্ৰদেশৰ ওজু মিশ্যন নামৰ সংস্থাটোৱে চলোৱা আশ্ৰয় গৃহত ৰখা চাহেব খান নামৰ এটি পোন্ধৰ বছৰীয়া চেমনীয়াক শনিবাৰে ইটানগৰৰ চাইল্ডলাইনৰ এটি দলে গুৱাহাটীৰ ৰে’লৱে চাইল্ডলাইনক গটাই দিয়ে।

ইটানগৰ ৰাজধানী চৌহদত থকা শিশু কল্যাণ সমিতিৰ আগত নিজৰ অভিভাৱকৰ ঠিকনা প্ৰকাশ কৰাৰ পিছত চেমনীয়া শিশুটিক হস্তান্তৰ কৰাটো সম্ভৱ হৈ পৰে।

‘সি শিশু কল্যাণ সমিতিৰ আগত কৈছিল যে তাৰ পিতৃ-মাতৃ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ ওচৰতে কৰবাত বাস কৰে,’’-ইটানগৰ চাইল্ডলাইনৰ এক বিজ্ঞপ্তিত এইদৰে প্ৰকাশ কৰা হৈছে।

শিশু কল্যাণ সমিতিৰ অধ্যক্ষ কানি নাদা মেলিঙে গুৱাহাটীত থকা তেওঁলোকৰ সমিতিৰ অধ্যক্ষগৰাকীৰ লগতে গুৱাহাটী ৰে’লৱে চাইল্ডলাইনৰ সমন্বয়কগৰাকীৰ সৈতে টেলিফোন যোগে কথা পাতিছিল।

টেলিফোনিক বাৰ্তালাপৰ পিছত চেমনীয়াটিক হস্তান্তৰৰ উদ্দেশ্যে ইটানগৰ চাইল্ডলাইনৰ এটি দল গুৱাহাটীলৈ আহিছিল। শিশুটিক তেওঁলোকে ৰে’লৱে চাইল্ডলাইনৰ হাতত আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি গটাই দিয়ে।

ইটানগৰ আৰক্ষীয়ে যোৱা ২০১৭ ৰ নৱেম্বৰত চেমনীয়া শিশুটিক শিশু কল্যাণ সমিতিক গটাই দিয়াৰ পিছত তাক আশ্ৰয় গৃহত ৰখা হৈছিল।

সম্প্ৰতি গুৱাহাটী ৰে’লৱে চাইল্ডলাইনৰ জিম্মাত থকা চাহেব খান নামৰ চেমনীয়া শিশুটিক তেওঁৰ পিতৃ-মাতৃৰ সন্ধান উলিয়াই গটাই দিয়া হ’ব।