অৰুণাচলত দুখন দলং উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সুভাষ ভাম্ৰে

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ সুভাষ ভাম্ৰেই কালি পূব অৰুণাচলত দুখনকৈ অতি গুৰুত্বপূৰ্ণ দলং মুকলি কৰে।

দিল্লীৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে কালি ৰাতিপুৱা ডিব্ৰুগড়ৰ মোহনবাৰীত থকা বায়ুসেনা বাহিনীৰ ষ্টেশ্যনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক সেনাৰ উচ্চ পদস্থ বিষয়াসকলে আদৰণি জনায়।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে পূব অৰুণাচল প্ৰদেশৰ ৰোৱিঙলৈ উৰা মাৰে আৰু তাতে দুখন দলঙ উদ্বোধন কৰে। এই দুখনৰ ভিতৰত প্ৰথমতে তেওঁ অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন ৰইং-কৰ’নু-পায়া ৰোডৰ ওপৰত নিৰ্মিত ১৪০ মিটাৰ দৈৰ্ঘ্যৰ ইন্জুপানী দলংখন উদ্বোধন কৰে। ইন্জুপানী দলঙখন মুকলি হোৱাৰ পিছত ৰইং আৰু তেজুৰ মাজত এতিয়া যাতায়ত সুচল হৈ পৰিব। এই দুয়োখনেই হৈছে অৰুণাচল প্ৰদেশৰ অতি গুৰুত্বপূৰ্ণ জিলা সদৰ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে দেওপানী-ইজে দলংখন উদ্বোধন কৰে।এইখন হৈছে অৰুণাচল প্ৰদেশৰ ৰইঙৰ ইজে নদীৰ ওপৰত নিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং। ৰাষ্ট্ৰৰ নামত দলং দুখন উৎসৰ্গা কৰি মন্ত্ৰীগৰাকীয়ে এই অঞ্চলটোত থকা সীমান্ত পথ উন্নয়ন বিভাগৰ উদয়ক প্ৰকল্পৰ দ্বাৰা অতি সুন্দৰভাৱে নিৰ্মিত দলং দুখনৰ বাবে সংস্থাটোক প্ৰশংসা কৰে।

মন্ত্ৰীগৰাকীয়ে এই অতি গুৰুত্বপূৰ্ণ দলং দুখন সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সংস্থাটোক প্ৰশংসা কৰি কয় যে ই কৌশলগতভাৱে  চীন সীমান্তৰ  দিবং উপত্যকালৈ বছৰৰ প্ৰতিটো দিনতেই যাতায়ত অব্যাহত থাকিব। সীমান্ত পথ সংস্থাৰ সঞ্চালক লেঃ জেনেৰেল এছ কে শ্ৰীবাস্তৱে সংস্থাটোৱে বানপানী আৰু বিভিন্ন কাৰণত সন্মুখীন হোৱা অসুবিধাৰ কথা দোহাৰে।

অনুষ্ঠানত সীমান্ত পথ উন্নয়ন সংস্থাৰ বিষয়াসকলৰ লগতে অৰুণাচল চৰকাৰৰ প্ৰতিনিধিসকল উপস্থিত আছিল।