NORTHEAST NOW (Assamese)

অৰুণাচলী য়াকৰ উন্নত মানৰ ঊণে বঢ়াব য়াক পালকৰ উপাৰ্জন

March 19, 2018 8:22 pm · এন ই নাও নিউজ

অৰুণাচলৰ য়াক পালকসকলৰ বাবে এটা ভাল খবৰ। সদ্যহতে য়াকৰ নোম আৰু মৰাপাতৰ আঁহ মিহলাই এবিধ উন্নত মানৰ ঊণৰ বিকাশ সাধন কৰা হৈছে। ইয়াৰ ফলত য়াক পালকসকলে এই ঊণৰ পৰা নিজৰ আয় দুগুণ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে য়াকৰ সংখ্যা কমি যোৱা হেতুকে ব্ৰোকপাসকলে তেওঁলোকৰ পৰম্পৰাগত জীৱিকাটো ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে।

অৱশ্যে শেহতীয়াকৈ অৰুণাচলৰ কামেং জিলাৰ দিৰাঙত থকা নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ অন য়াক (এন আৰ চি ৱাই) আৰু কলকাতাস্থিত নেশ্যনেল ইন্সটিটউট  অৱ ৰিছাৰ্চ অন জুট এণ্ড এলাইড ফাইবাৰ টেকন’লজিয়ে (এন আই আৰ জে এ এফ টি) মৰাপাত আৰু য়াকৰ নোমৰ পৰা উন্নত মানৰ  মিশ্ৰ আঁহৰ বিকাশ সাধন কৰি য়াকৰ নোমৰ পৰা য়াক পালকসকলে অধিক লাভ কৰাৰ সম্ভৱনা লৈ আহিছে। এই মিশ্ৰ ঊণবিধ শীতৰ বস্ত্ৰ তৈয়াৰ কৰাত ব্যৱহৃত হ’ব।

এন আৰ চি ৱাইৰ সঞ্চালক পি চক্ৰবৰ্তীয়ে কয় যে পূৰ্বতে য়াক পালকসকলে য়াকৰ খহটা নোমখিনি মাথোঁ ঘৰুৱা কামতহে ব্যৱহাৰ কৰিছিল কিন্তু তেওঁলোকে এন আই আৰ জে এ এফ টিৰ সৈতে সহযোগিতাৰে এই মিশ্ৰ ঊণবিধ বিকশিত কৰাৰ পিছত এই ঊণখিনিৰ মূল্য প্ৰতি কেজিত ৫০০ টকা হয়গৈ।  মিহি ঊণৰ মূল্য প্ৰতি কেজিত ১,০০০ টকা পৰ্যন্ত হয়গৈ বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিছে। তেওঁ আৰু কয় যে মিশ্ৰ ঊণ তৈয়াৰ কৰাৰ বাবে তেওঁলোকে য়াক পালকসকলৰ পৰা নোমখিনি কিনি লয় আৰু তাৰ পিছত সেয়া মূল্য-যোজিত শীতৰ কাপোৰ তৈয়াৰ কৰাৰ বাবে বজাৰত বিক্ৰি কৰা হয়।

সঞ্চালকগৰাকীয়ে আৰু জানিবলৈ দিছে যে এন আৰ চি ৱাইৰ অধীনস্থ তাঁতীসকলক শীতৰ কাপোৰ তৈয়াৰ কৰাৰ বাবে কলকাতাত প্ৰশিক্ষণ দিয়া হয়।

চক্ৰবৰ্তীয়ে আৰু কৈছে যে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উপায়ৰ দ্বাৰা য়াকৰ সংখ্যা বঢ়াৰ লগে লগে এই মিশ্ৰ ঊণৰ বিকাশে য়াক পালকসকলৰ আয় বৃদ্ধি কৰিছে।

য়াকৰ ক্ৰমে হ্ৰাস পাই যোৱা য়াকৰ সংখ্যা বঢ়োৱা আৰু য়াক পালকৰ উপাৰ্জন বঢ়োৱাৰ বাবে এন আৰ চি ৱাই আৰু এন আই আৰ জে এ এফ টিয়ে এটা কৰ্মশালাৰ আয়োজন কৰিছিল। কৰ্মশালাত উপস্থিত থকা কেন্দ্ৰটোৰ জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ সঞ্চালক এ কে ৰাৱটে কৈছে যে য়াক পালনৰ ওপৰত গৱেষণা কৰিবলৈ এন আৰ চি ৱাইয়ে অন্যন্য ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰে গৱেষণা চলাব।

প্ৰতিৰক্ষা বিভাগসমূহৰ বিষয়াসকলেও এই কৰ্মশালাত ভাগ লৈছিল, কাৰণ অধিক উচ্চতাত নিয়োজিত প্ৰতিৰক্ষা বিষয়াসকলৰ বাবে য়াকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখ্য যে ২০১২ৰ ঘৰচীয়া প্ৰাণী পিয়ল অনুযায়ী ভাৰতৰ য়াকৰ সংখ্যা হৈছে ৭৬,২৩৭টা। তাৰে প্ৰায় ১৪,০০ য়াক  কামেং আৰু টাৱাং জিলাৰ সমুদ্ৰপৃষ্ঠৰ পৰা ৩,০০০ৰ পৰা ৬,০০০ মিটাৰ উচ্চতাত পোৱা যায়। য়াক থকা অন্যন্য ৰাজ্যসমূহ হৈছে লাডাখ, ছিকিম, হিমাচল প্ৰদেশ, পশ্চিম বংগ আৰু উত্তৰাখণ্ড।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰি মাহত নেশ্যনেল ব্যুৰ’ অৱ এনিমেল জেনেটিক্স ৰিছোৰ্চে অৰুণাচলী য়াকক এটা সুকীয়া জাতৰ বুলি ঠাৱৰ কৰিছে।

Related News