‘নাহৰকটীয়াৰ ১ নং তৈল খাদৰ পৰাই অইলে ৬০ বছৰৰ পূৰ্বে যাত্ৰা অৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই অইলে ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। গাঁৱে-ভূঞে নিয়োজনৰ সুবিধা কৰি জনসাধাৰণ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু স্ব-নিৰ্ভশীলতাত অইলে বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। দক্ষতা উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু যুৱক-যুৱতী সকলৰ দক্ষতা উন্নয়নৰ ক্ষেত্ৰত অইলে আৰু অধিক পদক্ষেপ ল’ব লাগিব।’ সোমবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অইল ইণ্ডিয়া লিমিটেডৰ চাউথ বেংক ১ নং তৈল খাদৰ তেল উদঘাটন আৰু উৎপাদনৰ ৬০ বছৰীয়া উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।
লগতে ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অইলে ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা ১০ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি যোগাব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে অইলৰ বিষয়া-কৰ্মচাৰী সকললৈ ৭ টা শিতানত বিভক্ত উৎকৰ্ষতাৰ বঁটা সমূহো প্ৰদান কৰে।লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অইলৰ নাহৰকটীয়া ১ নং খাদৰ ৬০ বছৰীয়া স্মাৰক তোৰণৰো আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে।
ইফালে অইলৰ ৬০ বছৰীয়া উদযাপনৰ লগত সংগতি ৰাখি দুলীয়াজানত অইলে ‘ৰূপান্তৰ প্ৰকল্প’ নামৰ ‘কোম্পানী সামাজিক দায়বদ্ধতা’ আঁচনিৰ অধীনত যুটীয়া দায়বদ্ধ গোট সমূহলৈ বিত্তীয় সাহায্য আৰু সা-সামগ্ৰী প্ৰদান কৰে। এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে ২০০ টা যুটীয়া দায়বদ্ধ গোটলৈ ১৫০ খন পাৱাৰটিলাৰ, ৫০ খন পিকআপ ভান আৰু বিত্তীয় সাহায্য প্ৰদান কৰে।
তাৰোপৰি ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ জৰিয়তে ৰাজ্যখনৰ কৃষি খণ্ডত বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাজ্যৰ ২৬ হাজাৰ গাঁৱলৈ ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য লোৱা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰাকাৰে মহিলা সৱলীকৰণৰ দিশতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলি কয়।যুৱক-যুৱতী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বহু সংখ্যক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ২০১৮-১৯ বৰ্ষৰ বাজেটত নিয়োগ সৃষ্টিৰ ওপৰত বহু সংখ্যক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
অইলৰ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী,স্থানীয় বিধায়ক নৰেশ সোণোৱালো, বিধায়ক তেৰচ গোৱালা, ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰী, এছ আই পি আৰ ডিৰ পূৰ্বৰ সঞ্চালক ড০ জাকিৰেও বক্তব্য প্ৰদান কৰে।
উক্ত অনুষ্ঠানত বিধায়দ্বয় ক্ৰমে ঋতুপৰ্ণ বৰুৱা, সঞ্জয় কি,আণ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাৰ্কাৰী, আছাম হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানি লিমিটেডৰ অধ্যক্ষ তথা সঞ্চালক পোণাকন বৰুৱা, আছাম পেট্ৰ’কেমিকেলছ লিমিটেডৰ উপাধ্যক্ষ বিকুল ডেকা, অইলৰ বিত্ত সঞ্চালক ৰূপশিখা বৰা, অইলৰ অপাৰেশ্যন সঞ্চালক প্ৰমোদ কুমাৰ শৰ্মাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।