অৰুণাচলে কেতিয়াও গ্ৰহণ নকৰে চাকমা-হাজং শৰণাৰ্থী : আপছু

Ap

চাকমা-হাজং শৰণাৰ্থীৰ বিৰুদ্ধে আপছুৰ প্ৰতিবাদ : ফাইল ফটো

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) কয় যে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণে অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াটো কেতিয়াও মানি নলয়।

শৰণাৰ্থী বিষয়ত ইয়াৰ সদস্যসকলৰ উপস্থিতিত পঞ্চমখন যৌথ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকৰ পিছত সন্থাই শুকুৰবাৰে এটা প্ৰেছ বিজ্ঞপ্তিত লগতে দাবী কৰে যে ভোটাৰ তালিকাত কোনো নতুন চাকমা আৰু হাজং লোক অন্তৰ্ভুক্ত হোৱা উচিত নহয়।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হৈছিল। বৈঠকত উপস্থিত আছিল গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (বৈদেশিক) অনিল মালিক, অৰুণাচল প্ৰদেশৰ গৃহ সচিব জি এছ মীনা, উপায়ুক্তসকল, প্ৰধান মুখ্য বন সংৰক্ষক, আপছুৰ কাৰ্যবাহী সদস্যসকল, আইনী উপদেষ্টা নাবাম জলাও আৰু মাৰ্টো কাৰ্টো তথা চাকমা আৰু হাজং সংগঠনসমূহৰ প্ৰতিনিধিসকল।

‘’ যিহেতু অৰুণাচল প্ৰদেশত থকা চাকমা আৰু হাজংসকল ভাৰতীয় নাগৰিক নহয়, গতিকে আমি ভোটাৰ তালিকাৰ পৰা সকলো চাকমা আৰু হাজং শৰণাৰ্থীৰ নাম শীৰ্ঘ্ৰেই কৰ্তন কৰিবলৈ দাবী জনাইছো। তেওঁলোকক নাগৰিকত্বৰ অধিকাৰ দিয়াৰ বিষয়টো যিহেতু সমাধা হোৱা নাই গতিকে নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা উচিত নহয়,’’ – সন্থাৰ বিবৃতিতটোত এইদৰে কোৱা হৈছে। আপছুৰ সভাপতি হাৱা বাগেংয়ে ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষা দিয়া দেশৰ আইনী ব্যৱস্থাৰ কথা উল্লেখ কৰে।

আপছুৱে শৰণাৰ্থীৰ জনসংখ্যা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পোৱাত চিন্তা ব্যক্ত কৰে। ৰাজ্যখনত বৰ্তমান এই শৰণাৰ্থীৰ সংখ্যা ৩ লাখলৈ বৃদ্ধি পাইছে। শৰণাৰ্থীসকলৰ অপৰাধমূলক কামকাজৰ কথা উল্লেখ কৰি সন্থাই কয় যে শেহতীয়া তথ্য মতে চাকমা আৰু হাজং শৰণাৰ্থীসকলৰ বিৰুদ্ধে ৪৯৩ টা গোচৰ পঞ্জীয়ন হৈ আছে।

‘’ কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি নাগৰিক্তবৰ বাবে আবেদন কৰা আবেদনকাৰীসকলক চিনাক্ত তথা পৰীক্ষা কৰাৰ লগতে চাকমা আৰু হাজং শৰণাৰ্থীসকলে সংঘটিত কৰা অপৰাধজনক কামকাজৰ সকলো গোচৰ লিপিব্ধ কৰিব লাগে,’’-বিবৃতিটোত কোৱা হৈছে।

আপছুৱে লগতে কেন্দ্ৰক চাকমা আৰু হাজংসকল শৰণাৰ্থী, স্থানান্তৰিত লোক নে অবৈধ প্ৰব্ৰজনকাৰী সেয়া জনোৱাৰ দাবী কৰে। সন্থাই লগতে কয় যে  স্থানীয় খিলঞ্জীয়া আৰু ভাৰতীয় লোকসকলক আতংকিত কৰি তুলিবলৈ চাকমা আৰু হাজং ছাত্ৰই ‘’ দ্য অৰুণাচল ডিপ্ৰাইভড্ পীপল ফৰাম’’ নামৰ এটা উগ্ৰপন্থী গোট গঠন কৰিছে। ‘’এনে সংগঠনক নিষিদ্ধ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত,’’-বিবৃতিটোত কোৱা হয়।