অৰুণাচলৰ বৰডুমচাৰ পৰা অপহৃত ঠিকাদাৰৰ সন্ধান উলিওৱাত ব্যৰ্থ নিৰাপত্তাৰক্ষী

শুকুৰবাৰে নিশা চাংলাং জিলাৰ বৰডুমচা আৰক্ষী চকীৰ অন্তৰ্গত গজু গাঁৱৰ পৰা সন্দেহজনক  এন এছ চি এন (আই এম) গোটৰ দ্বাৰা অপহৃত টাৰু টানা নামৰ ঠিকাদাৰজনৰ বৰ্তমানলৈকে নিৰাপত্তাৰক্ষীয়ে কোনো সন্ধান উলিয়াব সক্ষম হোৱা নাই।

জানিব পৰা মতে ঠিকাদাৰজন অপহৰণ হোৱাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে দেওবাৰে পুৱা ভাগৰ পৰা ঠিকাদাৰজনক উদ্ধাৰৰ বাবে অঞ্চলটোত অভিযান আৰম্ভ কৰিছিল যদিও বৰ্তমানলৈকে তেওঁ ক’ত আছে তাৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে টানাক শুকুৰবাৰে নিশা প্ৰায় ৯-৩০ বাজত অপহৰণ কৰিছিল আৰু সেই সময়ত তেওঁ বাসগৃহত অকলশৰে আছিল কিন্তু ওচৰ-চুবুৰীয়াৰ লোকে আৰক্ষীক নিশা তেওঁৰ বাসগৃহৰ পৰা খিৰিকীৰ আইনা ভঙাৰ দৰে বৃহৎ শব্দ শুনিছিল বুলি জনায়।

বৰডুমচা আৰক্ষী চকীৰ এজন বিষয়াই কয়, ‘আমি টানাক উদ্ধাৰৰ বাবে  সেনা বাহিনীৰ সৈতে এক যুটীয়া অভিযান চলাই আছো যদিও ঘন অৰণ্যৰ বাবে টানাক অপহৃতই ক’ত ৰাখিছে সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই। তেওঁক উদ্ধাৰৰ বাবে আমাৰ অভিযান চলি আছে।’

এক গোপন সূত্ৰ পৰা বৰডুমচা অঞ্চলটোত বিদ্ৰোহী সংগঠনৰ সক্ৰিয়তাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

আনহাতে বৰডুমচাৰ একাংশ স্থানীয় ৰাইজে পূৰ্বতে তেওঁ নিম্নমানৰ কাম কৰা বুলি উত্থাপন কৰা অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে।

এক সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে পূৰ্বে সন্দেহজনক এন এছ চি এন (আই এম) গোটৰ দ্বাৰা তেওঁক মুক্তিপণৰ দাবীত ১ কোটি টকাৰ দাবী কৰিছিল আৰু ইয়াৰে এটা অংশ সংগঠনটোক তেওঁ আদায় দিছে আৰু বাকী অংশ আদায় দিবলৈ থকা বুলি পূৰ্বতে সংবাদ প্ৰকাশ পাই আহিছে।

উল্লেখযোগ্য যে আজি কেইমাহ মানৰ পৰা অসম-অৰুণাচল সীমান্তত এই বিদ্ৰোহী সংগঠনটোৰ সক্ৰিয়তা বৃদ্ধি পাইছে আৰু তেওঁলোকে অঞ্চল বিলাকত ধন দাবী কৰিবলৈ ধৰিছে। পূব আৰুণাচলৰ টিৰাপ, চাংলাং আৰু লনডিং আদি জিলাত নাগা বিদ্ৰোহী সংগঠনৰ প্ৰভাৱ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।

আনহাতে বিগত বৰ্ষৰ নৱেম্বৰ মাহতো দেৱেন্দ্ৰ কুমাৰ সিনহা (৫৮) নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক উক্ত অঞ্চলৰ পৰা অপহৰণ কৰিছিল উগ্ৰপন্থীয়ে।