NORTHEAST NOW (Assamese)

অৰুণাচলৰ ৰয়িঙত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ৫০ খনৰো অধিক দোকান

August 1, 2018 10:52 am · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰে অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ অতিকৈ ব্যস্ত দৈনিক বজাৰত এখন হোটেলৰ পৰা নিশা প্ৰায় ৮.৩০ মান বজাত অগ্নীকাণ্ডৰ সূত্ৰপাত হৈ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷

অতি কম সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে বজাৰখন। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে  ৫০ খনৰো অধিক সৰু-বৰ দোকান জ্বলি ভষ্মীভূত হয়৷

অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে ৰয়িং আৰু শদিয়াৰ চপাখোৱাৰ পৰা মুঠ  পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে ৰয়িঙৰ প্ৰশাসন তথা স্থানীয় ৰাইজৰ আপ্ৰাণ প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ১১.৩০ বজাত জুই নুমুৱাবলৈ সক্ষম হয়৷

উল্লেখযোগ্য যে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত দোকান ঘৰ সমূহৰ লগতে ব্যৱসায়ীসকলৰ বহু কোটি টকাৰ সা-সম্পত্তি,বয়-বস্তু জ্বলি শেষ হৈ যোৱা বুলি জানিব পৰা গৈছে৷

এক সূত্ৰৰ পৰা জানিব পৰা মতে কাপোৰ, হাৰ্ডৱেৰ, গেলামাল, ৱাইনশ্বপ, কচমেটিক সামগ্ৰীৰ দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়৷

ইফালে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে সমগ্ৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক সহায়ৰ বাবে প্ৰশাসনক জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

Related News