অৰুণাচল প্ৰদেশৰ অপহৃত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰক মুক্তি

kidnapped-victim

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ গজু গাঁৱৰ পৰা পৰা যোৱা ১০ ফেব্ৰুৱাৰিৰ নিশা সন্দেহযুক্ত এন এছ চি এন উগ্ৰপন্থীয়ে অপহৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰ টাৰু টানাক তিনি দিনৰ পিছত আজি পুৱতি নিশা এৰি দিয়ে বুলি জানিব পৰা গৈছে।

এই খবৰ জানিব পৰা গৈছে অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা সূত্ৰৰ পৰা। আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে আজি যোৱা নিশাৰ পুৱাৰ ভাগত অপহৰণকাৰীয়ে টানাক এৰি দিয়ে। এৰি দিয়াৰ খবৰ পোৱাৰ পিছতে বৰডুমচা আৰক্ষীয়ে গৈ তেওঁক ২০ কিলোমিটাৰৰ দূৰৰ খৰচাঙৰ পৰা উদ্ধাৰ কৰি আনে।

উল্লেখযোগ্য যে টাৰু টানা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত জড়িত M/S Puna & Hunda Construction Company ৰ উপ-সভাপতি। তেওঁক তেওঁৰ কাৰ্য্যালয় সংলগ্ন ভাৰাঘৰৰ পৰা নিশা প্ৰায় ৯.৩০বজাত অপহৰণ কৰা হৈছিল। পুৱাৰ ভাগত স্থানীয় লোকে টানা অপহৃত হোৱাটো নিশ্চিত কৰিছিল। তেওঁ থকা ঘৰৰ খিৰিকীৰ গ্লাছ ভগা আছিল আৰু মজিয়াত তেজৰ চেঁকুৰা পোৱা গৈছিল।

আনহাতে এটা সূত্ৰই টাৰু টানাক এন এছ চি এনে (আই এম)-এ অপহৰণ কৰা বুলি দাবী কৰি অহাৰ লগতে আৰক্ষীয়েও একেই সম্ভাৱনা ব্যক্ত কৰিছিল। কিয়নো ইয়াৰ পূৰ্বে টানাক এন এছ চি এনে (আই এম)-এ ১ কোটি টকা বিচাৰি ধন দাবী পত্ৰ দিয়া বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে কোৱা মতে টানাই এই দাবী কৰা ধনৰে একাংশ ইতিপূৰ্বে দিছিল। কিন্তু বাকী থকা অংশ দিয়াৰ সময় উকলি যোৱাতো নিদিয়াত এই অপহৰণ কৰা হয় বুলি সূত্ৰটোৱে মত প্ৰকাশ কৰে।

স্মৰ্তব্য যে সন্দেহযুক্ত এন এছ চি এন (আইএম) উগ্ৰপন্থীয়ে প্ৰায় এক কোটি টকা দাবী কৰাৰ বাবে পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ঠিকাদাৰগৰাকীয়ে। নাম প্ৰকাশত অনিচ্ছুক তেওঁৰ ঘনিষ্ঠ লোক এগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি টাৰুৱে উক্ত দাবী কৰা ধনৰ এটি বৃহৎ অংশ ইতিমধ্যে সংগঠনটোক আদায় দিছে আৰু বাকী থকা অংশ দিবলৈ বাকী আছিল।

আনহাতে সূত্ৰটোৱে জানিবলৈ দিয়া মতে টানাৰ নিৰ্মাণ কোম্পানিটোৱে জিলাখনত ট্ৰেন্স-অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অধীনত পথ নিৰ্মাণ কৰি আছে। কিন্তু অভিযোগ মতে কোম্পানিটোৱে অতি নিম্নমানৰ কাম কৰি আছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ অক্টোবৰ মাহৰ ৮ তাৰিখে সন্দেহযুক্ত আলফা সদস্যই বৰডুমচাৰ পৰা NHIDCL ৰ এজন বিষয়া  বেদান্ত কুমাৰ সিনহা (৫৮)ক অপহৰণ কৰাৰ কিছু দিনৰ পিছত মুকলি কৰি দিছিল। অঞ্চলটোত আলফা (স্বাঃ), এন এছ চি এন (আই এম)ৰ সঘন উপস্থিতি এতিয়াও নিৰাপত্তা বাহিনী তথা আৰক্ষীৰ বাবে মূৰৰ কামোৰনি হৈ থকাৰ লগতে অঞ্চলটোত কাম কৰা ঠিকাদাৰ, ব্যৱসায়ীৰ বাবেও শংকাৰ কাৰণ হৈ উঠিছে।