অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ

অৰুণাচল প্রদেশৰ পাংছৌ পাছ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খাণ্ডু

শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুঙত তিনিদিনীয়া কাৰ্যসূচীৰে পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ সপ্তম সংস্কৰণটো মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰে।

অনুষ্ঠানটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে এই মহোৎসৱৰ মুখ্য উদ্দেশ্য হৈছে অৰুণাচল প্ৰদেশৰ চহকী সংস্কৃতিৰ প্ৰদৰ্শন।

‘’ নামপুঙত এইটো মোৰ প্ৰথম ভ্ৰমণ আৰু মই অৰুণাচল প্ৰদেশৰ চহকী আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে অতি আনন্দিত আৰু গৌৰৱান্বিত। পূৰ্বতে এই উৎসৱক পাংছৌ পাছ শীতকালীন মহোৎসৱ হিচাপে জনা গৈছিল যদিও এতিয়া ইয়াক পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱ হিচাপে সলনি কৰা হৈছে। প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ছেটঙ ছেনাৰ উদ্যোগত এই উৎসৱ ২০০৭ চনত আৰম্ভ হৈছিল আৰু প্ৰতিবছৰে আমি উৎসৱটো উদযাপন কৰি আহিছো,’’- মুখ্যমন্ত্ৰী খাণ্ডুৱে কয়।

এইবছৰ অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগে উৎসৱটোৰ বাবে ১ কোটি টকা মুকলি কৰি দিছে।

ৰাজ্যখনৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি খাণ্ডুৱে পূব অৰুণাচলত  পৰ্যটনৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। তেওঁ বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ পৰ্যটন খণ্ডৰ উন্নয়নত গুৰুত্ব দিয়া বুলি কয়।

এই মহোৎসৱত ম্যানমাৰৰ এশতকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অৰুণাচলৰ ২৪ টা জনগোষ্ঠীৰ লগতে ম্যানমাৰৰ সাংস্কৃতিক দলে তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি চহকী সাংস্কৃতিক নৃত্য পৰিৱেশন কৰে।

খাণ্ডুৱে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰী খাণ্ডুৱে লগতে উৎসৱৰ কাৰণে এটা স্থায়ী স্থান নিৰ্মাণ কৰিবলৈ আয়োজক কমিটিক পৰামৰ্শ দিয়ে।

মহোৎসৱৰ সময়ত পৰম্পৰাগত খাদ্যৰ বহুতো বিপনী দেখিবলৈ পোৱা গৈছে।

‘’ মহোৎসৱখন চাবৰ বাবে আমি নতুন দিল্লীৰ পৰা আহিছো আৰু আমি যথেষ্ট উপভোগ কৰিছো। বিশেষকৈ জনগোষ্ঠীয় নৃত্যৰ পৰিৱেশন অতি আকৰ্ষণীয়। ইয়াৰ মানুহবোৰ অতি সৰল আৰু আমি প্ৰতি বছৰে ইয়ালৈ আহিবলৈ ভাল পাম,’’-নতুন দিল্লীৰ পৰা অহা এগৰাকী পৰ্যটকে এনেদৰে কয়।