অৰুণাচল প্ৰদেশৰ নাগা এলেকাত নতুন জিলা সৃষ্টিৰ বিৰোধিতা নাগা ছাত্ৰ ফেডাৰেইশ্যন, অৰুণাচলৰ

Changlang

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাগা এলেকাত অ-নাগাসকলৰ বাবে এখন সুকীয়া জিলা গঠন কৰিব বুলি ওলোৱা খবৰৰ প্ৰতিক্ৰিয়া কৰিছে নাগা ছাত্ৰ ফেডাৰেইশ্যন, অৰুণাচলে। যোৱা ৭ ফেব্ৰুৱাৰিত ছাত্ৰ সংগঠনটোৰ এখন সভাত ইয়াৰ সাধাৰণ সম্পাদক ভিক্টৰ হনলেম খাংঘামে কয় যে চৰকাৰে চাংলাঙৰ পৰা ফালি আন এখন জিলা অ-নাগাসকলৰ বাবে গঠন কৰাৰ পৰিকল্পনা কৰা বুলি শুনিবলৈ পোৱা গৈছে।

‘সভাত এইটো সিদ্ধান্ত কৰা হৈছে যে নাগা প্ৰাদেশিক অঞ্চলৰ এক ইন্সি মাটিও ফালি নিবলৈ দিয়া নহয় আৰু যদিহে এই গোপন কাৰ্য্যসূচী সঁচা প্ৰমাণ হয় আমি আমাৰ অধিকাৰৰ বাবে প্ৰাণপণে যুঁজ দিম।’ সভাখনৰ পিছত প্ৰচাৰ মাধ্যমলৈ দিয়া এটা টোকাত এইদৰে কোৱা হৈছে{

উক্ত সভাখনতে ছাত্ৰ সংগঠনটোৰ সভাপতি গৱাং হাখুনে চাংলাং জিলাৰ নাগা প্ৰাদেশিক এলেকাৰ ভিতৰত নিজকে চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক হিচাপে পৰিচয় দি বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীয়ে থিতাপি লোৱাটোতো উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ লগতে তিৰাপ, চাংলাং আৰু লংডিং জিলাৰ নাগা বিধায়কসকলক নাগা লোকসকলৰ উন্নয়নৰ বাবে দৃঢ়তাৰে থিয় দিবলৈ আহ্বান জনায়।

আনহাতে একেটা বিবৃতিতে ছাত্ৰ সংগঠনটোৱে সংগঠনটোৰ নাম Arunachal Naga Students’ Federation ৰ ঠাইত Naga Students’ Federation Arunachal কৰা বুলি জানিবলৈ দিয়ে।